ঐতিহাসিক বটদ্ৰৱা থান তথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিত পৰম্পৰাগত ভাৱে উদযাপিত হৈ অহা শ্ৰীকৃষ্ণৰ দৌল যাত্রা মহোৎসৱ আৰম্বৰপূৰ্ণ ভাৱে অনুষ্ঠিত কৰাৰ উদ্দেশ্যে থান পৰিচালনা সমিতিয়ে প্ৰস্তুতি অব্যাহত ৰাখিছে। ইতিমধ্যে ধৰ্মীয় উপ সমিতি, প্ৰশাসনিক উপ সমিতি, মেলা-বজাৰ উপ সমিতি, প্ৰচাৰ উপ সমিতি, ৰভা-তোৰণ উপ সমিতি, সাংস্কৃতিক উপ সমিতি, বিজুলী আৰু পানী যোগান উপ সমিতি, স্মৃতিগ্ৰন্থ উপ সমিতিকে ধৰি ১৫ খন উপ সমিতি গঠন কৰি পূৰ্ণ গতিত কাম কৰিছে। আজি বটদ্ৰৱা থানৰ সভাগৃহত থান পৰিচালনা সমিতি আৰু উপসমিতিৰ আহ্বায়ক, সদস্য সকলৰ মাজত এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰি পাঁচ দিনীয়াকৈ অনুষ্ঠিতব্য দৌল উৎসৱটি মহা আৰম্বৰপূৰ্ণভাৱে উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰে। থান পৰিচালনা সমিতিৰ সভাপতি যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্তৰ সভাপতিত্বত অনুষ্ঠিত সভাত দৌল মহোৎসৱৰ প্ৰচাৰ সূচী ভাগ আনুষ্ঠানিক ভাৱে উন্মোচন কৰি ৰাইজলৈ আগবঢ়াই দিয়ে। তাৰ আগেয়ে দিনৰ ১১.৩০ বজাত পৰম্পৰাগত নিয়মেৰে প্ৰচাৰসূচীভাগ কীৰ্তন ঘৰত শৰাইত আগবঢ়াই সমিতিয়ে আশৰ্বাদ গ্ৰহণ কৰে। সভাত থান পৰিচালনা সমিতিৰ উপ সভাপতি অম্লানজ্যোতি দেৱ গোস্বামী, কাৰ্যকৰী সভাপতি প্ৰভাত কলিতা, সাধাৰণ সম্পাদক টিকেন্দ্ৰজিৎ গোস্বামী, কাৰ্যনিবাহক মানিক বৰা, ৰাহুল দেৱ বৰদলৈ, কল্যাণ কলিতা, পদুম কলিতাকে ধৰি সদস্য সকল উপস্থিত থাকে। উল্লেখ্য যে পাঁচ দিনীয়াকৈ অহা ১৩ মাৰ্চৰ পৰা ১৭ মাৰ্চলৈ অনুষ্ঠিত হ’বলগা ৰঙৰ উৎসৱলৈ অসমৰ বিভিন্ন ঠাইৰ পৰা অগণন ভক্তপ্ৰাণ ৰাইজৰ সমাগম হোৱাৰ আশা কৰা হৈছে।
Trending
- গুৱাহাটী প্ৰেছ ক্লাবত যুৱ কবি জোনাক প্ৰতীম বৰঠাকুৰৰ কবিতা পুথি ‘মায়া’ উন্মোচন
- গুৱাহাটী বিশ্ববিদ্যালয়ত সদৌ অসম আন্তঃবিশ্ববিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতাৰ সামৰণি – পুৰুষত কটন আৰু মহিলা শাখাত ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয় চেম্পিয়ন
- Assam’s Baksa Honey Enters US Market in Historic ODOP Export
- পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ সামৰণি
- গুৱাহাটী বিশ্ববিদ্যালয়ত আন্তঃবিশ্ববিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতা আৰম্ভ
- এপল’ এক্সেলকেয়াৰ হাস্পতালৰ উদ্যোগত সজাগতা কাৰ্যসূচী -এছ বি আইৰ মুখ্য কাৰ্যালয়ত ৰক্তদান শিবিৰ সম্পন্ন
- ত্ৰিপুৰা চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত হয় ডেষ্টিনেশ্যন ত্ৰিপুৰা : বিজনেছ কনক্লেভ ২০২৬ৰ ইনভেষ্টৰছ্ ৰোডশ্ব’
- NSE Launches Electronic Gold Receipts (EGRs) to Strengthen India’s Gold Ecosystem
- পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত
- অপ্ৰমাদী কবি মাধৱ কন্দলিকৃত ৰামায়ণ সন্দৰ্ভত বিশ্ববিদ্যালয়ৰ অধীনত গৱেষণা কৰা গৱেষকসকললৈ ৰাষ্ট্ৰীয় বঁটাপ্ৰদানৰ ব্যৱস্থা