আজিৰে পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হ’ল অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম পূৰ্ণাংগ তথা দ্বি বাৰ্ষিক অধিবেশন।এইবাৰৰ অধিৱেশনখনি বস্ত্ৰ নগৰী শুৱালকুছিৰ জ্যোতি ক্ষেত্রত ৩০ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত কৰা হৈছে। আজিৰ আৰম্ভণিৰ কাৰ্যসূচী মে ডাম মে ফি অনুষ্ঠানত টাই আহোম সাহিত্য সভাৰ সভাপতি দয়ানন্দ বুঢ়াগোহাঁই মুখ্য অতিথি হিচাপে উপস্থিত থাকে।তাৰ পাছতে ডবা,কাঁহ,উৰুলি মঙ্গল বাদ্যৰে মূল তোৰণ আৰু মূল মঞ্চ ক্ষেত্র,মূল মঞ্চ উদঘাটন পৰ্ব সম্পন্ন হয়।উদঘাটন পৰ্বৰ সভাত সভাপতিত্ব কৰে ড০ পৰমানন্দ ৰাজবংশীয়ে।পৰবৰ্তী কাৰ্যসূচী অনুযায়ী ভাৰতৰত্ন ড০ ভূপেন হাজৰিকা মঞ্চত বিহগী কবি ৰঘুনাথ চৌধুৰী কবি সন্মিলন অনুষ্ঠিত হয়।বিশিষ্ট লেখিকা ড০ লিলি ৰাজবংশীয়ে উদ্বোধন কৰা এই সন্মিলনত শুৱালকুছি অঞ্চলৰ লগতে কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ মুঠ ৫০ গৰাকী কবিয়ে অংশগ্রহণ কৰে।ইয়াৰোপৰি ড০ পৰমানন্দ ৰাজবংশীৰ সভাপতিত্বত আনন্দৰাম বৰুৱা মূল মঞ্চত আনন্দৰাম সোঁৱৰণী স্মৃতিগ্ৰন্থ আৰু অন্যান্য গ্ৰন্থ উন্মোচিত হয়।সন্ধিয়ালৈ অনুষ্ঠিত হয় সাংস্কৃতিক অনুষ্ঠান।১ ফেব্ৰুৱাৰীৰ অনুষ্ঠানত অস্থায়ী নামঘৰ উদ্বোধন কৰাৰ লগতে ভাওনা প্ৰদৰ্শিত হ’ব।তাৰ পাছতে চিৰ চেনেহী মোৰ ভাষা জননী শীৰ্ষক গীতেৰে আৰম্ভণি হ’ব উপেন্দ্র চন্দ্র লেখাৰু সোঁৱৰণি অসম সাহিত্য সভাৰ অষ্টম পূর্ণাঙ্গ কাৰ্যনিৰ্বাহক সভা।সমান্তৰালকৈ নলিনীবালা দেৱী সোঁৱৰণি নাৰী সন্মিলন আকাশত সভাপতিৰ বিশেষ নাৰী সন্মান ৰেখা বৰুৱাক প্ৰদান কৰিব।তাৰোপৰি ৭০ গৰাকী বিশিষ্টা নাৰীক সম্বৰ্দ্ধনা জনাব।ইয়াৰ লগতে দিনযোৰা কাৰ্যসূচীত শিশু সাহিত্য বঁটা প্ৰদান অনুষ্ঠান,ৰামধেনু অনুষ্ঠান,যুৱ সংসদৰ বিশেষ অনুষ্ঠান,কবি সন্মিলন,কাব্যানুষ্ঠান,প্ৰতিনিধি সভাৰ উপৰিও গল্পকাৰ,নাট্যকাৰ সন্মিলন অনুষ্ঠিত হ’ব।সন্ধিয়াৰ ভাগত অনুষ্ঠিত হ’ব শিল্পী সম্বৰ্দ্ধনা আৰু জনপ্রিয় শিল্পীৰ গীতৰ শৰাই।২ ফেব্ৰুৱাৰীত অসম সাহিত্য সভাৰ পতাকা উত্তোলন অনুষ্ঠান অনুষ্ঠিত হ’ব।য’ত সাহিত্য সভাৰ মূল পতাকাৰ লগতে ভিন্ন সংগঠনৰ মুঠ ১৭৭ খন পতাকা উত্তোলন কৰিব বিভিন্ন শাখাৰ ১০২ গৰাকী বৰেণ্য ব্যক্তিয়ে।তাৰ পাছতে আই তোক কিহেৰে পূজিমে শীর্ষক অনুষ্ঠানত অসমৰ জাতীয় আন্দোলনৰ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব।দিনটোৰ কাৰ্যসূচীত স্মৃতি তৰ্পণ,সুশীল শৰ্মা কবি সন্মিলন,জ্যোতি বিষ্ণু ভূপেন্দ্র সোঁৱৰণি সাংস্কৃতিক শোভাযাত্রা,অসম সাহিত্য সভাৰ বিভিন্ন বঁটা আৰু সন্মান প্ৰদান অনুষ্ঠান,সাহিত্যাচাৰ্য চৈয়দ আব্দুল মালিক সোঁৱৰণি প্রথম মুকলি অধিৱেশন,বহুভাষিক কবি সন্মিলন আৰু ড০ ভূপেন হাজৰিকালৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদি আমি একেখন নাৱৰে যাত্রী অনুষ্ঠান অনুষ্ঠিত কৰিব।সন্ধিয়ালৈ ১০০ গৰাকী শিল্পীক সম্বৰ্দ্ধনা জনোৱাৰ লগতে গীতৰ শৰাই অনুষ্ঠান অনুষ্ঠিত হ’ব।৩ তাৰিখৰ কাৰ্যসূচীত কবি সন্মিলনৰ লগতে ৰাষ্ট্ৰীয় সাহিত্য বঁটা প্ৰদান অনুষ্ঠান,ঔপন্যাসিক সন্মিলন,ভাষাবিদ সন্মিলন,গীতিকাৰ সন্মিলন আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব।শেষৰদিনা বুৰঞ্জী সন্মিলন,যুৱ সতীৰ্থ সন্মিলন,বঁটা প্ৰদান অনুষ্ঠান,বিজ্ঞান সাহিত্য সন্মিলন আৰু দিপালী বৰঠাকুৰ সাংস্কৃতিক অনুষ্ঠানত জুবিন গাৰ্গৰ সঙ্গীতানুষ্ঠানেৰে অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম অধিৱেশনখনিৰ সামৰণি পৰিব।অসম সাহিত্য সভাৰ হৈ আদৰণি সমিতিৰ সাধাৰণ সম্পাদক অনিল চন্দ্র বৈশ্য আৰু প্ৰধান সম্পাদক পদুম ৰাজখোৱাই সকলোকে সভালৈ আদৰণি জনাইছে।বিশেষ তথ্যৰ বাবে উদ্যোক্তা সকলে ৯১০১০১৪১৭৭ নম্বৰত যোগাযোগ কৰিবলৈ দিছে।

বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বিস্তৃতভাৱে বুজ ল`লে নিৰ্বাচন পৰ্যবেক্ষকে
অসম বিধানসভা নিৰ্বাচন-২০২১ ৰ বাবে শিৱসাগৰ নিৰ্বাচনী জিলাৰ অধীনস্থ তিনিটা বিধানসভা সমষ্টি ক্ৰমে ১০৩ নং আমগুৰি, ১০৭ নং থাওৰা আৰু ১০৮ নং শিৱসাগৰ বিধানসভা সমষ্টিৰ বাবে নিয়োজিত নিৰ্বাচন পৰ্যবেক্ষক অভিমন্যু কুমাৰে অলপতে জিলা নিৰ্বাচন বিষয়া তথা জিলা উপায়ুক্ত বিষ্ণু কমল বৰা আৰু আৰক্ষী অধীক্ষক অমিতাভ সিনহা প্ৰমুখ্যে নিৰ্বাচনী কোষ সমূহৰ বিষয়ববীয়াৰ সৈতে এখন বৈঠকত মিলিত হয়।
উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত অনুষ্ঠিত এই বৈঠকত নিৰ্বাচন পৰ্যবেক্ষক গৰাকীয়ে প্রথম পৰ্য্যায়ত শিৱসাগৰ নিৰ্বাচনী জিলাত অনুষ্ঠিত হ’বলগীয়া আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বিস্তৃতভাৱে বুজ লয়।
জিলা নিৰ্বাচন বিষয়া তথা জিলা উপায়ুক্ত বিষ্ণু কমল বৰাই আগন্তুক বিধানসভা নিৰ্বাচন সন্দৰ্ভত শিৱসাগৰ নিৰ্বাচনী জিলাত গ্ৰহণ কৰা প্ৰস্তুতি সমূহৰ বিষয়ে নিৰ্বাচন পৰ্যবেক্ষক গৰাকীৰ আগত এক বিস্তৃত অৱলোকণ দাঙি ধৰে। তেওঁ এক পাৱাৰ পইণ্ট প্ৰেজেন্টেচনৰ মাধ্যমেৰে বিভিন্ন নিৰ্বাচনী প্ৰস্তুতি যেনে, ক’ভিড-১৯ সন্দৰ্ভত গ্ৰহণ কৰা ব্যৱস্থাৱলী, ভোটগ্ৰহণ কেন্দ্ৰ সমূহত প্ৰদান কৰা মৌলিক প্ৰয়োজনীয় সা-সুবিধা সমূহ, আশী বছৰৰ উৰ্ধৰ ভোটাৰ তথা দিব্যাঙ্গ ভোটাৰ সকলৰ বাবে পোষ্টেল বেলট পেপাৰৰ সুবিধা প্ৰদান, পলিং বিষয়া সকলৰ প্ৰশিক্ষণ, মহিলাৰ দ্বাৰা পৰিচালিত ভোটগ্ৰহণ কেন্দ্ৰ আৰু মডেল ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন, SVEEP -ৰ অধীনত ভোটাৰ সজাগতামূলক অভিযান আদিৰ বিষয়ে বিতং ভাৱে অৱগত কৰে।
বৈঠকত আৰক্ষী অধীক্ষক অমিতাভ সিনহাই আগন্তুক বিধানসভা নিৰ্বাচন সন্দৰ্ভত গ্ৰহণ কৰা সুৰক্ষা ব্যৱস্থাৰ বিষয়ে অৱগত কৰে। নিজ বক্তব্যত আৰক্ষী অধীক্ষক গৰাকীয়ে আগন্তুক বিধানসভা নিৰ্বাচন সুচাৰুৰূপে তথা শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ হকে আৰক্ষী বিভাগে জিলাখনত জ’নেল, চেক্টৰ আৰু ভোটগ্ৰহণ কেন্দ্ৰ পৰ্য্যায়ত গ্ৰহণ কৰা তিনি তৰপীয়া সুৰক্ষা ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰে।
জিলাখনত আগন্তুক বিধানসভা নিৰ্বাচন সন্দৰ্ভত গ্ৰহণ কৰা প্ৰস্তুতিৰ বিষয়ে বিস্তৃতভাৱে বুজ লৈ নিৰ্বাচন পৰ্যবেক্ষক গৰাকীয়ে আগন্তুক বিধানসভা নিৰ্বাচনত ভোটদানৰ হাৰ বৃদ্ধি কৰাৰ বাবে বিভিন্ন ব্যতিক্ৰমী আৰু অনন্য পদক্ষেপ গ্ৰহণৰ দ্বাৰা ভোটাৰক ভোট প্ৰদান কৰিবলৈ আগ্ৰহী কৰাৰ পোষকতা কৰে। নিৰ্বাচন পৰ্যবেক্ষক অভিমন্যু কুমাৰে মহিলা পলিং বিষয়াৰ দ্বাৰা পৰিচালিত ভোটগ্ৰহণ কেন্দ্ৰ সমূহে মহিলাৰ ভোটদানৰ হাৰ বৃদ্ধিত ইতিবাচক প্ৰভাৱ পেলাব বুলি মন্তব্য কৰে। তেওঁ মডেল ভোটগ্ৰহণ কেন্দ্ৰসমূহ আকৰ্ষণীয় ৰূপত গঢ়ি তুলিবলৈ আহ্বান জনায় যাতে ইয়াৰ দ্বাৰা ভোটাৰ সকল আকৰ্ষিত হৈ বিপুল হাৰত ভোটগ্ৰহণ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে। তেওঁ লগতে নিৰ্বাচন প্ৰক্ৰিয়াত ক’ভিড-১৯ ৰোগ প্ৰতিৰোধ কৰাৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাৱলী সম্পূৰ্ণৰূপে পালন কৰিবলৈ আহ্বান জনায়।
নিৰ্বাচন পৰ্যবেক্ষক গৰাকীয়ে তেওঁৰ বক্তব্যত নিৰ্বাচন প্ৰক্ৰিয়াত জড়িত সমূহ বিষয়-ববীয়াক নিজকে SVEEP -ৰ একোগৰাকী এম্বেচেডৰ বুলি ভাবি ব্যক্তিগতভাৱে ভোটাৰ সকলক সচেতন কৰাৰ দ্বাৰা তেওঁলোককক ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি এক শক্তিশালী গণতন্ত্ৰৰ ভেটি নিৰ্মাণৰ অংশীদাৰ কৰাবলৈ আহ্বান জনায়। তেওঁ সংশ্লিষ্ট সকলোকে আগন্তুক বিধানসভা নিৰ্বাচন শান্তিপূৰ্ণভাৱে, সুচাৰুৰূপে তথা নিয়াৰিকৈ সম্পন্ন কৰাৰ স্বাৰ্থত পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।
ভিউৱাছৰ মতামত