আকাশবাণী নগাঁও কেন্দ্ৰৰ সৌজন্যমূলক সাহিত্য অনুষ্ঠানে শ্ৰুোতাৰ মন জয় কৰিছে

0 245

আকাশবাণী নগাঁও কেন্দ্ৰই যোৱা চাৰিমাহ ধৰি প্ৰতি সপ্তাহৰ মঙ্গল আৰু শুক্ৰবাৰে পুৱা ৯.১৫ত প্ৰচাৰ কৰি অহা সৌজন্যমূলক সাহিত্য অনুষ্ঠানটিয়ে সচেতন শ্ৰুোতাৰ মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।উল্লেখযোগ্য যে এই অনুষ্ঠানটিৰ যোগেদি নপুৰণি লেখক লেখিকা সকলে তেওঁলোকৰ সদ্যপ্ৰকাশিত গল্প, প্ৰৱন্ধ,কবিতা, নাটক,উপন্যস আদি গ্ৰন্থসমূহৰ পৰিচয় শ্ৰুোতা সমাজৰ আগত দাঙি ধৰাৰ উপৰিও লেখক সকলক  পৰিচয় কৰাই দিয়া হয়।
 
 
ইতিমধ্যে অসমৰ কেবাগৰাকী প্ৰতিষ্ঠিত কবি আৰু লেখকে এই অনুষ্ঠানটিত ভাগ লৈছে ।তদুপৰি, সম্প্ৰতি কেন্দ্ৰটোৰ পৰা প্ৰচাৰ হৈ থকা ডাঃ নৰেন কুটুমৰ “ভালপোৱাৰ কথোপকথন” নামৰ কবিতা সংকলনখনৰ সমূহ কবিতা সংগীত সংযোজনাৰে ধাৰাবাহিক ভাবে প্ৰচাৰ কৰি এক ব্যতিক্ৰমী  অনুষ্ঠান কেন্দ্ৰটিয়ে শ্ৰুোতাক উপহাৰ দিবলৈ সক্ষম হৈছে।
খবৰ যুগুতালে ৰাহুল দেৱ বৰদলৈয়ে

Leave A Reply

Your email address will not be published.