এন আৰ এলৰ উদ্যোগত সৰ্তকতা সজাগতা সপ্তাহ উদযাপন

0 237

নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ উদ্যোগত সজাগতা সপ্তাহ উপলক্ষে সতৰ্ক ভাৰত,সমৃদ্ধ ভাৰত মূলমন্ত্ৰৰে যোৱা ২৭ অক্টোবৰৰ পৰা ২ নৱেম্বৰলৈ এক কাৰ্য্যসূচী অনুষ্ঠিত হয়।ৰিফাইনেৰী তথা কোম্পানীটোৰ সকলো কাৰ্যালয় স্থানত মাইক্ৰচফ্ট টিমছ ছফ্টৱেৰৰ মাধ্যমেৰে প্ৰতিজ্ঞা গ্ৰহণ কৰা অনুষ্ঠানেৰে সতৰ্কতা সজাগতা সপ্তাহৰ শুভ উদ্ধোধন হয়।
 
আয়োগৰ মনোনীত ৱেবচাইটত সমূহ কৰ্মচাৰীয়ে  ই- ইন্ত্ৰীগ্ৰীটিত প্ৰতিজ্ঞা গ্ৰহণ কৰে। এন আৰ এলৰ কৰ্মচাৰীসকল , কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষাবাহিনীৰ কৰ্মচাৰীসকল তথা নিকটৱৰ্তী বিদ্যালয় সমূহৰ ছাত্র- ছাত্ৰী সকলৰ মাজত অখণ্ডতা,সততা, নৈতিকতা আদি সন্দৰ্ভত সচেতনতা সৃষ্টিৰ অৰ্থে এন আৰ এলৰ সতৰ্কতা বিভাগে আয়োগৰ নিৰ্দেশ মৰ্মে বিভিন্ন কাৰ্যাৱলী ৰূপায়ন কৰে।এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ৰচনা লিখা , শ্লোগান লিখা , তৰ্ক প্ৰতিযোগিতা ইত্যাদি -অনলাইন আবেদনৰ মাধ্যমেৰে অনুষ্ঠিত হয়।
 
নুমলীগড় হাইস্কুলৰ সহযোগিতাত  সতৰ্কতা সজাগতা সপ্তাহৰ মূল বিষয়বস্তুৰ ওপৰত এখন জিলা পৰ্য্যায়ৰ তৰ্ক প্ৰতিযোগিতা আয়োজন কৰা হয় । তদুপৰি দেৰগাঁও উচ্চ আধাৰ বিদ্যালয়ৰ সহযোগিতাত দেৰগাঁৱৰ প্ৰায় ১২খন বিদ্যালয়ৰ বাবে “সতৰ্কতা সজাগতা সপ্তাহ” ৰ বিষয়বস্তুৰ ওপৰত ৰচনা আৰু শ্লোগান লিখা প্ৰতিযোগিতাৰ এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়।
 
এন আৰ এলৰ কৰ্মচাৰী, কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ কৰ্মচাৰী তথা পৰিয়ালবৰ্গৰ মাজতো ৰচনা আৰু শ্লোগান লিখা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। এই সতৰ্কতা সজাগতা সপ্তাহৰ অংশ হিচাপে এন আৰ এলৰ প্ৰশিক্ষণ বিভাগে কোম্পানীটোৰ প্ৰাক্তন পৰিচালক (কাৰ্যকৰী) শ্ৰী এচ.আৰ.মেধিৰ পাৰদৰ্শী তত্বাৱধানত “কৰ্পৰেট গৱৰ্ণেঞ্চ আৰু প্ৰিভেন্টিভ ভিজিলেঞ্চ মিজাৰ্ছ ” শীৰ্ষক এক চমু অনলাইন প্ৰশিক্ষণ অনুষ্ঠান কোম্পানীটোৰ প্ৰৱন্ধন কৰ্মচাৰী সকলৰ বাবে আয়োজন কৰে।
 
সতৰ্কতা সজাগতা সপ্তাহৰ মুখ্য অনুষ্ঠান বৰ্তমানৰ মহামাৰীৰ প্ৰতিকূল পৰিস্থিতি সাপেক্ষে মাইক্ৰচফ্ট টীম ছফ্টৱেৰৰ মাধ্যমেৰে যোৱা ২-১১-২০২০ত কোম্পানীটোৰ প্ৰায় ৯০ জন কৰ্মচাৰীৰ উপস্থিতত সফলতাৰে সম্পন্ন হয় । এন আৰ এলৰ পৰিচালন সঞ্চালক এচ কে বৰুৱাই উক্ত অনুষ্ঠানত সভাপতিত্ব কৰে আৰু মত প্ৰকাশ কৰে যে বৰ্তমানৰ কভিড-১৯ মহামাৰীৰ পৰিস্থিতিত তথা এন আৰ এলৰ মেগা ৰিফাইনেৰী প্ৰকল্পই বাস্তবায়নৰ পথত আগবঢ়াৰ সময়ত উদ্ভৱ হ’ব পৰা পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ বৰ্ধিত ক্ষমতা ন্যস্ত কৰাৰ পৰিস্থিতিত , যথেষ্ট সতৰ্কতা , স্বচ্ছতা বজাই ৰাখি নিষ্ঠাৰে উপযুক্ত সিদ্ধান্ত গ্ৰহণৰ প্ৰয়োজনীয়তা যথেষ্ট গুৰুত্বপূৰ্ণ।কোম্পানীটোৰ চি.ভি.অ সুনীল জৈনে ভিডিঅ’ ৰেকৰ্ডিং কৰি পঠোৱা বাৰ্তা সভাখনত প্ৰচাৰ কৰা হয়। এন আৰ এলৰ এইছ আৰ,আই আই এচ তথা কৰ্পৰেট কমিউনিকেচন বিভাগে কৰ্মক্ষেত্ৰত ” ভেণ্ডাৰ ছেনচিটাইজেচনকে ” ধৰি আভ্যন্তৰীণ প্ৰক্ৰিয়া অধিক শক্তিশালী কৰিবলৈ গ্ৰহণ কৰা বিভিন্ন কাৰ্যাৱলীৰ খতিয়ান সভাখনত আগবঢ়ায়।

Leave A Reply

Your email address will not be published.