কাঁহিকুছিৰ এছ আই পি আৰ ডিত উদ্যমী মহিলাৰ দক্ষতা বিকাশ প্ৰশিক্ষণৰ বুজ ল`লে সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে

0 257

অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগে ৰাজ্যৰ উদ্যমী মহিলা সকলৰ দক্ষতা বিকাশৰ বাবে শেহতীয়াকৈ বিশেষ আঁচনি গ্ৰহণ কৰিছে । ইয়াৰ অংশ হিচাপে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ ( এছ আই পি আৰ ডি ) অধীনৰ সম্প্ৰসাৰণ প্ৰশিক্ষণ কেন্দ্ৰত ( ই টি চি ) উদ্যোগ আৰু বাণিজ্য বিভাগৰ উদ্যোগত ২৪ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে ২৫ দিনীয়া এক দক্ষতা বিকাশৰ প্ৰশিক্ষণ কাৰ্যসূচী । প্ৰশিক্ষণ কাৰ্যসূচীত আন জিলাৰ লগতে চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ প্ৰায় ২৫ জনী যুৱতী – মহিলাই ভাগ লৈছে । কাৰ্যসূচীত ভাগ লোৱা মহিলা সকলক হস্ততাঁত , সূতা ৰং কৰা পদ্ধতি , সাজ পোচাক তৈয়াৰ কৰা , বেগ বনোৱা আদিৰ প্ৰশিক্ষণ দিয়া হৈছে । প্ৰশিক্ষণ কাৰ্যসূচীৰ ১৮ অক্টোবৰত সামৰণি পৰিব । । আনহাতে চৰাইদেউ জিলাৰ সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে দুদিন পূৰ্বে এছ আই পি আৰ ডি চৌহদলৈ আহি মহিলা সকলৰ প্ৰশিক্ষণ কাৰ্যৰ বুজ লয় । বিধায়ক কোঁৱৰক সংগ দিয়ে উদ্যোগ আৰু বাণিজ্য বিভাগৰ উপ সঞ্চালক মঞ্জুৰাণী গগৈ , এছ আই পি আৰ ডিৰ অধীনৰ ই টি চিৰ অধ্যক্ষ লালৰেম চিয়ামী , উপ সঞ্চালক অনুপম দত্ত আৰু নৱজ্যোতি কোঁৱৰ , ফেকাল্টি সদস্যত্ৰয় ডঃ ৰিদীপ বৰা , মনোৰঞ্জন চৌধুৰী আৰু গীতাশ্ৰী দাস , প্ৰশিক্ষণৰ তত্বাৱধায়কদ্বয় আৰু ই টি চিৰ গাণনিক হেমেন বৈশ্য আৰু মনজিৎ পাঠকে । আনহাতে বিধায়ক কোঁৱৰে প্ৰশিক্ষণত ভাগ লোৱা মহিলা সকলৰ সৈতেও মত বিনিময় কৰি তেওঁলোকে যাতে প্ৰশিক্ষণত লাভ কৰা অভিজ্ঞতাৰে স্বাৱলম্বী হব পাৰে তাৰ কামনা কৰে । আনহাতে প্ৰথমবাৰৰ বাবে এছ আই পি আৰ ডি চৌহদলৈ অহা বিধায়ক গৰাকীক অধ্যক্ষ লালৰেম চিয়ামীয়ে গামোছা আৰু ফুলৰ থোপাৰে আদৰণি জনায়।

Leave A Reply

Your email address will not be published.