মূল্যবৃদ্ধিৰ প্ৰসংগত ব্যৱসায়ী সংগঠনৰ সৈতে বৈঠকত মিলিত হ’ল মুখ্যমন্ত্ৰী

0 200

ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি সম্পৰ্কত আলোচনাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত ৰাজ্যৰ বিভিন্ন ব্যৱসায়ী সংগঠনৰ প্ৰতিনিধি আৰু প্ৰশাসনৰ বিষয়ববীয়া সকলৰ সৈতে এক জৰুৰী বৈঠকত মিলিত হয়। কৃষিমন্ত্ৰী অতুল বৰা তথা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ উপস্থিতত এই বৈঠকত মুখ্যমন্ত্ৰীয়ে অসম চেম্বাৰ্চ অৱ কমাৰ্চ, কামৰূপ চেম্বাৰ্চ অৱ কমাৰ্চ আৰু বিভিন্ন ব্যৱসায়ী সন্থাৰ কৰ্মকৰ্তাসকলৰ পৰা ৰাজ্যৰ শেহতীয়া মূল্যবৃদ্ধি কাৰকসমূহ জানিব বিচাৰে আৰু ইয়াক নিয়ন্ত্ৰণ কৰাৰ বাবে হাতত ল’ব পৰা ব্যৱস্থাৰাজিৰ বিষয়ে পৰামৰ্শ বিচাৰে।
 
 
মুখ্যমন্ত্ৰীয়ে কয় যে অত্যাৱশ্যকীয় সামগ্ৰী বিশেষকৈ আলু, পিয়াজ, শাক-পাচলি, কণী , মিঠাতেল আদিৰ মূল্যবৃদ্ধিৰ ফলত সৰ্বসাধাৰণ ৰাইজ যথেষ্ট প্ৰভাৱিত হৈছে আৰু ই জনসাধাৰণৰ মাজত অসন্তুষ্টিৰ সৃষ্টি কৰিছে । এই পৰিস্থিতিত চৰকাৰ নিষ্ক্ৰিয় হৈ থাকিব নোৱাৰে আৰু যিকোনো ত্যাগ আৰু মূল্যৰ বিনিময়ত জনসাধাৰণক এই মূল্যবৃদ্ধিৰ পৰা সকাহ দিবই লাগিব। ৰাজ্যত আলু, পিয়াজ আৰু শাক- পাঁচলিকে ধৰি বহুবোৰ সামগ্ৰীৰ উৎসৰ মূল্য আৰু খুচুৰা বজাৰৰ মূল্যৰ মাজত যথেষ্ট প্ৰভাৱ পৰিলক্ষিত হোৱা প্ৰসঙ্গ উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে পাইকাৰী বজাৰৰ দৰৰ লগত সংগতি ৰাখি সামগ্ৰীৰ খুচুৰা মূল্য নিৰূপণ নকৰা আৰু অসৎ অভিপ্ৰায়েৰে চৰা দামত বয়- বস্তু বিক্ৰী কৰি গ্ৰাহকক দুৰ্ভোগ ভূগোৱা অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব।
 
 
ৰাজ্যৰ বিভিন্ন বজাৰত বয় বস্তুৰ মূল্য নিৰীক্ষণ তথা মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে কেতবোৰ সংহত উৎসৰ্গিত গোট গঠন কৰিবলৈ তেখেতে প্ৰশাসনক নিৰ্দেশ দিয়ে। লগতে কয় যে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে চৰকাৰ, প্ৰশাসন আৰু ব্যৱসায়ী প্ৰত্যেকেই দায়িত্ব ল’ব লাগিব । গ্ৰাহক আৰু বিক্ৰেতা উভয়ৰে স্বাৰ্থ সুৰক্ষিত হোৱাকৈ এই সমস্যাৰ এক সমাধান সূত্ৰ উলিওৱাৰ বাবে আমি কাম কৰিব লাগিব। আজিৰ বৈঠকত উপস্থিত থকা ব্যৱসায়ী সন্থা সমূহৰ উপৰিও তেওঁলোকৰ নিয়ন্ত্ৰণত নথকা বিভিন্ন শ্বপিং ম’ল, ব্যৱসায়িক প্ৰতিষ্ঠান আদিৰ বিষয়ববীয়াসকলৰ সৈতে এই সন্দৰ্ভত কাইলৈ আন এখন বৈঠকৰ আয়োজন কৰিবলৈও মুখ্যমন্ত্ৰীয়ে যোগান বিভাগৰ মন্ত্ৰী ফণী ভূষণ চৌধুৰীক নিৰ্দেশ দিয়ে।
 
আনহাতে সেউজীয়া শাক পাচলিৰ উৎসৰ মূল্য জনসাধাৰণৰ জ্ঞাতাৰ্থে প্রচাৰৰ ব্যৱস্থা কৰি ইয়াৰ খুচুৰা মূল্য সম্পৰ্কত সজাগতাৰ সৃষ্টি কৰিবলৈ যোগান বিভাগক নিৰ্দেশ দিয়ে। বৈঠকত অংশ লৈ সন্থাসমূহৰ প্ৰতিনিধিসকলে আলু, পিয়াঁজকে ধৰি কেতবোৰ সামগ্ৰীৰ উৎসতে দাম বঢ়াৰ কথা মুখ্যমন্ত্ৰীক অৱগত কৰাৰ লগতে কাইলৰ পৰা ইয়াৰ পাইকাৰী দৰ সামান্য হ্ৰাস পাব বুলি জানিবলৈ দিয়ে।গুৱাহাটী মহানগৰীৰ বিভিন্ন ঠাইত কিছুমান কৰ্তৃত্বশীল পাইকাৰী বজাৰ গঢ় লৈ উঠাৰ ফলতো শাক পাচলিৰ মূল্যবৃদ্ধি হোৱা বুলি উল্লেখ কৰি এইসমূহ নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিবলৈও তেওঁলোকে মুখ্যমন্ত্ৰীক আহ্বান জনায়।
 
আজিৰ এই বৈঠকত মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী , মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী , মুখ্য সচিব জিষ্ণু বৰুৱা , মুখ্যমন্ত্ৰীৰ অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰ, মুখ্যমন্ত্ৰীৰ বিশেষ আয়ুক্ত ৰঞ্জন চক্ৰৱৰ্তী, অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান ( আইন শৃংখলা ) জি পি সিং, মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তা, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুকে ধৰি কৃষি, খাদ্য আৰু অসামৰিক যোগান , মীন , পৰিবহন , পশু পালন আৰু পশু চিকিৎসা, উদ্যান শস্য আৰু খাদ্য সংসাধন, দুগ্ধ উন্নয়ন আদি বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়া সকলে উপস্থিত থাকে । বৈঠকত কামৰূপ চেম্বাৰ্চ অৱ কমাৰ্চ, আছাম চেম্বাৰ্চ অৱ কমাৰ্চ, আলু আৰু পিয়াঁজ ব্যৱসায়ী সন্থা , কণী ব্যৱসায়ী সন্থা , মাছ ব্যৱসায়ী সন্থা , মাংস ব্যৱসায়ী সন্থা , হাঁহ কুকুৰা ব্যৱসায়ী সন্থা , ফল- মূল ব্যৱসায়ী সন্থাৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.