বন্ধুৱে শিৱসাগৰবাসীক সকাহ যোগাব

0 285

ক’ভিড-১৯ৰ প্ৰভাৱৰ ফলত সমগ্র দেশতে লকডাউনৰ ঘোষণা হ’ল।এই লকডাউনে বহুতৰ জীৱন সলনি কৰি দিলে। বহু ক্ষেত্ৰত বেয়া হ’ল যদিও কিছুমান ক্ষেত্ৰত ইতিবাচক প্ৰভাৱ পৰাও দেখা গ’ল।
 
 
 
লকডাউনৰ সময়ছোৱাত শিৱসাগৰৰ ৫ গৰাকীমান শিক্ষিত উদ্যমী যুৱকে গ্ৰহণ কৰিছিল এক বিশেষ পদক্ষেপ। দোকানত লানি নিচিগা শাৰী আৰু ভিৰৰ বাবে বজাৰ কৰিব নোৱাৰা সকলক সকাহ যোগোৱাৰ উদ্দেশ্যে কেইজনমান যুৱক আগবাঢি আহিছিল।সেই অনুসৰি তেওঁলোকে শিৱসাগৰৰ বিভিন্ন ঠাইত গৈ বিনামূলীয়াকৈ ঘৰুৱা সা সামগ্ৰী যোগান ধৰিছিল।
 
 
 
গ্ৰাহকৰ অত্যাধিক সঁহাৰি পৰিপ্ৰেক্ষিত তেওঁলোকে ব্যৱসায়ীকৰণ ভাৱে এটা এপ আৰম্ভ কৰিছে ।এই এপটোৰ নাম বন্ধু।এই এপটো গুগল প্লে’ষ্টৰত উপলব্ধ।জানিব পৰা মতে পুৱা ৯ বজাৰ পৰা সন্ধ্যা ৮ বজালৈ এই বন্ধু প্ৰতিষ্ঠানটোৱে জনসাধাৰণক সেৱা আগবঢ়াব।শিৱসাগৰৰ ইচ্ছুক গ্ৰাহক সকলে গুগল প্লে’ ষ্টৰত গৈ এই এপটো ডাউনলড কৰি প্ৰয়োজনীয় সামগ্ৰী অৰ্ডাৰ দিব পাৰিব।
খবৰ যুগুতালে শিৱসাগৰ পৰা দিলিস্তান খানে..

Leave A Reply

Your email address will not be published.