বৃষ্টিক সহায়ৰ হাত আগবঢ়াইছে বিশাল ভাৰত পৰিবাৰে

0 235

এগৰাকী কণমানি।কণমানি গৰাকী নাম বৃষ্টি কাশ্যপ।দেখাত মৰমলগা কণমানি জনীৰ জীৱনলৈ হঠাতে নামি আহিল অমানিশা।বৰ্তমানে তাই চিকিৎসালয়ৰ বিচনাত শয্যাগত হৈ আছে।
 
 
এই সময়তে বৃষ্টি কাশ্যপৰ বিষয়ে চ’চিয়েল মেডিয়াৰ জৰিয়তে জানিব পাৰি সহায়ৰ বাবে আগবাঢ়ি আহিছে বিশাল ভাৰত পৰিবাৰ নামৰ এটা প্ৰতিষ্ঠান।উল্লেখযোগ্য যে বিশাল ভাৰত পৰিবাৰৰ তৰফৰ পৰা বৃষ্টি কাশ্যপলৈ বিনামূলীয়াকৈ আগবঢ়াছে হেল্থ কাৰ্ড ।এই কাৰ্ড ইতিমধ্যে গ্ৰহণ কৰিছে বৃষ্টি কাশ্যপৰ মোমায়েক দানিচ গগৈয়ে।
 
উল্লেখযোগ্য যে  কাৰ্ডখনৰ জৰিয়তে ১৫ ৰ পৰা ২০ শতাংশ ৰেহাই মূল্যত মহানগৰীৰ ১৭ খন চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰিব পাৰিব। সম্প্ৰতি বৃষ্টি কাশ্যপ মহানগৰী এক্সেল কেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছে।বিশাল ভাৰত পৰিবাৰৰ এই পদক্ষেপক সচেতন মহলে শলাগ লৈছে।

Leave A Reply

Your email address will not be published.