বিলাসী গাড়ী নিৰ্মাতা জাৰ্মানীৰ উদ্যোগত অ’ডিয়ে আজি গুৱাহাটীত নতুন এ৬ মুকলি কৰে । প্ৰতিখন গাড়ীৰ মূল্য ৫৪লাখ ২০ হেজাৰ টকাৰ পৰা আৰম্ভ হৈছে । গাড়ীখন আনুষ্ঠানিক ভাৱে মুকলি কৰে আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন ফুটবলাৰ বাইচুং ভূটিয়াই । জানিব পৰা মতে গাড়ীখনে ৬.৮ চেকেণ্ডত ০-১০০ কিলোমিটাৰ গতিবেগ ধাৰণ কৰে । গাড়ীখন সন্দৰ্ভত ‘অ’ডি গুৱাহাটী’ৰ মুৰব্বী পুলক গোস্বামীয়ে কয় যে গুৱাহাটীত অ’ডিৰ এই নতুন গাড়ীখন মুকলি কৰিবলৈ পাই অত্যন্ত সুখী অনুভৱ কৰিছো ।আগন্তুক সময়ত আৰু বহুকেইখন নতুন গাড়ী মুকলিৰ বাবে প্ৰতীক্ষা কৰি আছো । আশা কৰিছো আমি অসমৰ বজাৰত বিলাসী গাড়ীৰ বৰ্দ্ধিত চাহিদা আমি পূৰণ কৰিব পাৰিম । উল্লেখযোগ্য যে ২০১৫ চনত গ্ৰীণভেলী গ্ৰুপৰ অধীনত এই অ’ডি গুৱাহাটী শ্ব’ৰুম মুকলি কৰা হৈছিল ।
Trending
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ