অবিভক্ত অসমৰ প্ৰথম এন চি চি কেডেটক সম্বৰ্ধনা জ্ঞাপন মেজৰ জেনেৰেল ভাস্কৰ কলিতাৰ

0 188

ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ ( এন চি চি ) অবিভক্ত অসমৰ প্ৰথমজন কেডেট , অসম অসামৰিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া , ৯৩ বছৰীয়া সুৰেন্দ্ৰ কুমাৰ বৰুৱাক ১৩ ডিচেম্বৰত তেওঁৰ গুৱাহাটীৰ আমবাৰীস্থিত বাসগৃহত সম্বৰ্ধনা জনায় এন চি চিৰ উত্তৰ পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান ( এ ডি জি ) মেজৰ জেনেৰেল ভাস্কৰ কলিতাই । তেওঁক সংগ দিয়ে এন চি চিৰ গুৱাহাটী গ্রুপৰ গ্রুপ কমাণ্ডাৰ ব্ৰিগেডিয়াৰ যোগেশ চন্দ্ৰ তালুকদাৰে । মেজৰ জেনেৰেল কলিতাই বৰুৱাক ফুলৰ থোপা আৰু গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে তেওঁৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে । উল্লেখযোগ্য যে ১৯২৯ চনত ধেমাজিত জন্মগ্ৰহণ কৰা সুৰেন্দ্ৰ কুমাৰ বৰুৱাই গুৱাহাটীত মহাবিদ্যালয়ত পঢ়িবলৈ আহি ১৯৪৮ চনত গঠন হোৱা প্ৰথম এন চি চি চি বেটেলিয়ানত কেডেট হিচাপে যোগদান কৰে। তেওঁ ১৯৫৩ চনলৈ কেডেট হিচাপে থকাৰ সময়ত ১৯৫২ চনত নতুন দিল্লীত হোৱা গণৰাজ্য দিৱসৰ পেৰেডত উত্তৰ পূব মণ্ডলক প্ৰতিনিধিত্ব কৰাৰ লগতে ৱেষ্ট কেডেটৰ সন্মানৰ লগতে কেবাটাও পুৰস্কাৰ তথা বঁটা লাভ কৰে । আনকি তেওঁ গুৰুত্বপূৰ্ণ “চি” চাৰ্টিফিকেট পৰীক্ষাও সুখ্যাতিৰে উত্তীৰ্ণ হয় । আনহাতে মেধাবী ছাত্ৰ হিচাপে পৰিচিত বৰুৱাই ১৯৫৬ চনত অসম অসামৰিক সেৱালৈ নিৰ্বাচিত হয় আৰু ১৯৮৭ চনত উপায়ুক্ত পদমৰ্যাদাৰে অৱসৰ গ্ৰহণ কৰে । আনহাতে তেওঁক ঘৰত সম্বৰ্ধনা জনোৱা বাবে মেজৰ জেনেৰেল কলিতা আৰু ব্ৰিগেডিয়াৰ তালুকদাৰক ভূয়সী প্ৰশংসা কৰে । উল্লেখযোগ্য যে যোৱা ২৩ নৱেম্বৰত বৰুৱাই মেজৰ জেনেৰেল কলিতাক এখন পত্ৰ প্ৰেৰণ কৰি শেহতীয়াকৈ এন চি চিৰ উত্তৰ পূব মণ্ডলে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কেবাটাও ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা বিষয়টোত সন্তুষ্টি প্ৰকাশ কৰিছিল।সেই পত্ৰখনৰ প্ৰতি সঁহাৰি জনায় আজি তেওঁক শ্বিলঙৰ পৰা আহি নিজ বাসগৃহত সম্বৰ্ধনা জনাই মেজৰ জেনেৰেল ভাস্কৰ কলিতাই।
বাতৰি যুগুতালে জিতুমণি দাসে..

Leave A Reply

Your email address will not be published.