অবৈধ বেদখলকাৰীৰ উচ্ছেদিত ভূমিত খিলঞ্জীয়াই ৰচিছে সেউজীয়া সপোন

0 219

জামুগুৰিহাটৰ পশ্চিমাঞ্চালৰ চকীঘাট এতিয়া হৈ পৰিছে চিৰ সেউজীয়া। যেনিয়েই চকু যায় সেইফালেই কেৱল সেউজীয়া আৰু সেউজীয়া। আজিৰ পৰা এবছৰ আগলৈকে এই চকীঘাট আছিল একাংশ সন্দেহজনক নাগৰিকৰ বসতিস্থল। তাত আছিল জুপুৰি সদৃশ ঘৰ। কিন্তু শোণিতপুৰ জিলা প্ৰশাসনৰ ফালৰ পৰা এই সন্দেহজনক নাগৰিক সকলক উচ্ছেদ কৰাৰ পাছত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই চকীঘাটৰ শ শ বিঘামাটি খিলঞ্জীয়া যুৱকক কৃষি কৰ্মৰ বাবে হস্তান্তৰ কৰে। ১০জনীয়া গোট আকাৰে ৫২টা গোটৰ ৫২০গৰাকী খিলঞ্জীয়া যুৱকক কৃষি কৰ্ম কৰিবলৈ দিয়াৰ পাছত এতিয়া চকীঘাটৰ এই ভূমিত খিলঞ্জীয়া যুৱকে ৰচিছে সেউজ সপোন। পাহোৱাল ডেকাই ধানখেতিৰে সেউজীয়া কৰি তুলিছে এতিয়া চকীঘাটৰ বক্ষ।ধান খেতি চপোৱাৰ পাছত এইসকল খিলঞ্জীয়াই ঋতু অনুসৰি অন্য খেতি কৰাৰো সংকল্প লৈছে। জামুগুৰিহাটৰ চকীঘাটত প্ৰশাসনে বেদখলমুক্ত কৰা পাঁচশৰো অধিক ভূমিত খিলঞ্জীয়া যুৱকৰ কৰ্ম সংস্কৃতি ৰাজ্যৰ অনান্য প্ৰান্তৰ যুৱকৰ বাবেও এতিয়া পৰিছে আদৰ্শ হৈ পৰিছে।
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই

Leave A Reply

Your email address will not be published.