অসমত দ্বিতীয়টো ৰোপৱে’ নিৰ্মাণ কৰিছে কেইজনমান যুৱকে

0 256

বাক্সাৰ মটঙা নদীৰ ওপৰত নিৰ্মাণ হৈ আছে ৰোপৱে’৷ কেইজনমান উদ্যমী যুৱকৰ প্ৰচেষ্টাত এই ৰ’পৱে নিৰ্মাণ হৈছে ৷ ইতিমধ্যে যুদ্ধকালীন ক্ষীপ্ৰতাৰে প্ৰায় ৫০ শতাংশ কাম সম্পন্ন হৈছে বুলি জানিব পৰা গৈছে।এই ৰোপৱেৰ দৈৰ্ঘ্য চাৰিশ ফুট। ৰোপৱেত মটৰচাইকেল আৰু যাত্ৰী একেলগে পাৰ হ’ব পাৰিব। বিশেষ কাৰিকৰী ব্যৱস্থাৰে নিৰ্মাণ হৈ থকা এই মিনি ৰোপৱেত আছে দিব্যাংগ লোকৰ বাবে হুইল চেয়াৰৰ সুবিধা।পূৰ্বতেও এই যুৱক কেইজনে শৰাইঘাটৰ দলঙৰ সদৃশ বৃহৎ আকাৰৰ বাঁহৰ দলং নিৰ্মাণ কৰি সকলোৱে দৃষ্টি নিবদ্ধ কৰিবলৈ সক্ষম হৈছিল।

Leave A Reply

Your email address will not be published.