অসম চৰকাৰৰ কেবিনেট বৈঠকত আজি কি কি সিদ্ধান্ত গ্ৰহণ কৰিলে

0 294

বুধবাৰে অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সংবাদমেল যোগে ঘোষণা কৰা আজিৰ কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ হ’ল এনেধৰণৰ।
অসমৰ জাতীয় সংগীতেৰে চৰকাৰী অনুষ্ঠান বা সভা-সমিতিৰ শুভাৰম্ভ আৰু ৰাষ্ট্ৰীয় সংগীতেৰে সভা বা অনুষ্ঠান সমাপ্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।চৰকাৰী অনুষ্ঠানত অসমীয়া শিপিনীয়ে হাতে বোৱা থলুৱা গামোচা ব্যৱহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। লগতে প্ৰতিখন সভা সমিতি বা অনুষ্ঠানত অসমীয়া পৰম্পৰাগত লাড়ু-পিঠা পৰিবেশন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৫ আগষ্টৰ মৃত্যুৰ দিনটোত কৰ্মচাৰী দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
শিক্ষক আৰু গেজেটেড কৰ্মচাৰীসকলৰ বাহিৰে কৰ্মচাৰী পৰিষদৰ অধীনৰ কৰ্মচাৰীসকলৰ ভিতৰত জিলা ভিত্তিত ৫ গৰাকী আৰু ৰাজ্যিক ভিত্তিত ১০ গৰাকী শ্ৰেষ্ঠ কৰ্মচাৰীক পুৰস্কৃত কৰা হব।পুৰস্কৃত কৰ্মচাৰীৰ চাকৰিৰ ম্যাদ এবছৰ বৃদ্ধি কৰা হব।দেশভক্ত তৰুণ ৰাম ফুকনৰ মৃত্যু তিথি ২৮ জুলাইৰ দিনটো ৰাজ্যত দেশভক্তি দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।NCTEৰ নিৰ্দেশনা অনুসৰি টে’টৰ প্ৰমাণ পত্ৰৰ বৈধতা ৭ বছৰৰ পৰিবৰ্তে জীৱনজোৰা কৰাৰ সিদ্ধান্ত গ্ৰহণ। টেট অৰ্হতাসম্পন্ন সকলে তেওঁলোকৰ নম্বৰ উন্নত কৰিবলৈ পৰীক্ষাত পুনৰ অৱতীৰ্ণ হব পাৰিব।
সকলো চৰকাৰী কৰ্মচাৰীয়ে জুলাইলৈকে তেওঁলোকৰ অনাদায় বিদ্যুৎ বিল পৰিশোধ কৰিব লাগিব।বিল আদায়ৰ NOC সংশ্লিষ্ট কাৰ্য্যালয়ত জমা দিব লাগিব।জুলাইৰ পিছত নিয়মীয়াকৈ বিল পৰিশোধৰ বাবে কোনো NOCৰ প্ৰয়োজন নহব।অভিভাৱক মন্ত্ৰী আৰু সচিব সকলৰ দ্বাৰা Containment Zoneৰ অধীনত থকা ৭ খন জিলাত তিনিদিনীয়া ভ্ৰমণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

Leave A Reply

Your email address will not be published.