অসম বুক অৱ ৰেকৰ্ডত সন্নিবিষ্ট হ’ল ক্ষুদ্ৰতম কিতাপখন

0 223

অসম বুক অৱ ৰেকৰ্ডছত অসমৰ ক্ষুদ্ৰতম কিতাপ হিচাপে খ্যাতি অৰ্জন কৰিলে ৰীতামণি বৰাই লিখা এখন কিতাপে। স্পৰ্শ নামৰ কিতাপখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰিলে বিজ্ঞানী উদ্বব ভৰালীয়ে। কিতাপখন উন্মোচন কৰি বিজ্ঞানী গৰাকীয়ে কয় যে ৰীতামণি বৰাৰ কৰ্মৰাজিক ধন্যবাদ জনোৱা লগতে উঠি অহা প্ৰজন্মক কিতাপৰ প্ৰতি আকৃষ্ট হবলৈ আহ্বান জনায়।
সভাত বন্তি প্ৰজ্বলন কৰে সদৌ অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক জয়ন্ত শইকীয়াই।অনুষ্ঠানত সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ধনমণি দত্ত,সদৌ অসম নাট্য সন্মিলনৰ সহ: সম্পাদক জয়ন্ত শইকীয়া,লালুক শাখাৰ নাট্য সন্মিলনৰ সভাপতি দুলাল পূজাৰী,সদৌ লখিমপুৰ জিলাৰ ছাত্ৰ সন্থাৰ উপ সভাপতি জয়ন্ত বৰা,নাওবৈচা কবি মঞ্চৰ সভাপতি কমল বৰাই বক্তব্য আগবঢ়ায়।
 
অনুষ্ঠানত লালুক আঞ্চলিক ছাত্র সন্থাৰ সভাপতি দিব্যজ্যোতি গগৈ,সম্পাদক জিন গোস্বামী,প্ৰমুখ্যে বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।উত্তৰ লখিমপুৰ মহাবিদ্যালয় স্নাতক মহলাৰ দৰ্শন বিভাগৰ ছাত্ৰী ৰীতামণি বৰাৰ ইয়াৰ পূৰ্বে দুখনকৈ কবিতাপুথি প্ৰকাশ পাইছে। ২০১৪ চনত ছাত্ৰী গৰাকীৰ এইট এনট্ৰি আৰু ২০১৬ বর্ষত কাব্যকানন নামাৰে দুখন কবিতাপুথি প্ৰকাশিত হৈছে।মুঠ তিনিটা গল্পৰে ৪৯ পৃষ্ঠাজোৰা ২×৩ ইঞ্চি আকাৰৰ স্পৰ্শ গ্ৰন্থখনে আগষ্ট মাহত অসম বুক অৱ ৰেকৰ্ডছৰ তৰফৰ পৰা আটাইতকৈ ক্ষুদ্ৰতম কিতাপৰ খিতাপ অর্জন কৰিবলৈ সক্ষম হৈছিল।

Leave A Reply

Your email address will not be published.