আজাৰা বৰবৰীৰ ৪০ ফুট ওখ বাঁহৰে নিৰ্মিত ভেলাঘৰে দৃষ্টি আকৰ্ষণ কৰিছে বহুতক

0 223

ক`ভিড পৰিস্থিতিৰ মাজতো ৰাজ্যজুৰি চলাইছে অসমীয়া জাতিৰ বাপতি সাহোন স্বৰূপ ভোগালী বিহুক আদৰাৰ প্ৰস্তুতি। ইফালে ঠায়ে ঠায়ে বিভিন্ন আকৃতিৰ ভেলাঘৰ , মেজিঘৰ , বুঢ়ীঘৰ সাজি চমক সৃষ্টিৰ প্ৰয়াস কৰিছে একাংশই । আনহাতে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা বৰবৰী ৰাইজ গয়ৰহে বিগত বছৰ সমূহৰ দৰে এইবেলিও নৰা বা খেৰৰ সলনি বাঁহৰে নিৰ্মাণ কৰিছে ভেলাঘৰ । বৰবৰী ৰাইজ গয়ৰহৰ সভাপতি অৰবিন্দ দাস আৰু সম্পাদক কৃষ্ণ দাসে জানিবলৈ দিয়া মতে ১৩ জানুৱাৰীত উৰুকাৰ নিশা ৰাইজে মেজিৰ ওচৰত নিৰ্মাণ কৰা বুঢ়ীঘৰত লগে ভাগে এসাজ খাব । ইতিমধ্যে প্ৰায় এক সপ্তাহ পূৰ্বে অঞ্চলটোৰ ডেকা সকলে কিছু নিলগৰ ছাটাৰগাঁওৰ বনাঞ্চলৰ পৰা ৩০ পৰা ৪০ ফুট ওখ ১০০ মান শুকান বাঁহ আনি ভেলাঘৰটো নিৰ্মাণ কৰা হৈছে ।তেনেদৰে ওচৰৰ পথাৰৰ পৰা সংগ্ৰহ কৰা নৰাৰে নিৰ্মাণ কৰা হৈছে বুঢ়ীঘৰ।মুঠৰ ওপৰত পৰম্পৰা ৰক্ষা কৰি ভোগালী বিহু পালন কৰা হ`ব বুলি সভাপতি আৰু সম্পাদকে জানিবলৈ দিছে ।

Leave A Reply

Your email address will not be published.