আজি অনুষ্ঠিত হৈছে তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন

0 258

আজি অনুষ্ঠিত হৈছে তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোট গ্ৰহণ। মুঠ ৩৬ টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হৈছে।ইয়াৰে ১০ টা নগাঁও জিলা,১৯ টা মৰিগাঁও জিলা,৬ টা কামৰূপ মহানগৰ জিলা আৰু এটা সমষ্টি হোজাই জিলাৰ অন্তৰ্গত।
অৱশ্যে আজি ৩৫ টা সমষ্টিৰ বাবেহে ভোট গ্ৰহণ অনুষ্ঠিত হ’ব । কিয়নো জাগীৰোডৰ গোভা সমষ্টিত বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ কৰিছে বিজেপিৰ মণিৰাম পাটৰ নামৰ প্ৰাৰ্থী গৰাকী।কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীক মনোনয়ন পত্ৰ নাকচ হোৱাৰ বাবে তেওঁ বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হয়।
পুৱা ৭.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ ভোটাধিকাৰ ভোটাৰ সকলে সাব্যস্ত কৰিব।এইবাৰ মুঠ ৩,০৮,৪০৯ গৰাকী ভোটাৰে মুঠ ১২৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব।মুঠ ভোট গ্ৰহণ কেন্দ্ৰ হৈছে ৪১০ টা।ইফালে প্ৰয়োজন সাপেক্ষে অহা ১৮ ডিচেম্বৰত পুনৰ ভোট গ্ৰহণ অনুষ্ঠিত হ’ব আৰু ১৯ ডিচেম্বৰত সম্পন্ন হ’ব ভোট গণনা প্ৰক্ৰিয়া। ১৯ ডিচেম্বৰৰ পুৱা ৮ বজাৰ পৰা ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলি জানিব পৰা গৈছে।
কামৰূপ জিলাৰ অন্তৰ্গত ৬ টা সমষ্টি হৈছে ক্ৰমে ২৬ নং ডিমৰীয়া ৩২নং ডিগাৰু,৩৩নং ক্ষেত্ৰী,৩৪ নং সোণাপুৰ,৩৫ নং আমপ্রী,আৰু ৩৬নং ফংআৰি।গুৱাহাটীৰ কালিৰাম বৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়ত জিলা প্ৰশাসনে এই নিৰ্বাচনৰ বাবে ষ্ট্ৰং ৰুম স্থাপন কৰিছে।১৯ ডিচেম্বৰত মহানগৰী অন্তৰ্গত সমষ্টি সমূহৰ ভোট গণনা সম্পন্ন হ’ব।

Leave A Reply

Your email address will not be published.