আৰ্থিক সাহাৰ্য্য আগবঢ়ালে টীয়ক পৌৰসভাই

0 293

লক ডাউনৰ সময়ত দৰিদ্ৰ সীমা ৰেখাৰ তলৰ লোকসকলক চৰকাৰে বিনামূলীয়া চাউলৰ যোগান ধৰাৰ সমান্তৰালকৈ যিসমূহ পৰিয়ালৰ আৰ্থিক অৱস্থা সুচল নহয়  অথবা যদিও কোনো কাৰণত প্ৰধানমন্ত্ৰীৰ অন্ন সুৰক্ষা যোজনাৰ অধীনৰ ৰেচন কাৰ্ড নাই সেই দৰিদ্ৰ পৰিয়ালৰ বাবে এহেজাৰকৈ টকা প্ৰদানৰ এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।
 
সেই পদক্ষেপৰ অধীনত আজি টীয়ক পৌৰসভাৰ অধীনত চাৰিটা ৱাৰ্ডৰ মুঠ ২৮৫ টা পৰিয়ালক চৰকাৰী নিৰ্দেশনা অনুযায়ী  ১০০০কৈ টকা প্ৰদান কৰে ।উল্লেখযোগ্য যে এই ধনৰাশি বেঙ্কত একাউন্ট থকাসকলক একাউন্টত তথা চেকৰ জৰিয়তে আৰু বেংক একাউন্ট নথকাসকলক পৌৰসভাৰ কাৰ্যাবাহী বিষয়া জয় প্ৰকাশ মহন্তই পৌৰসভা কাৰ্যালয় অভিজন্তা আচাৰুদ্দিন আহমেদকে প্ৰমুখ্য কৰি কেইবাজনো বিষয় ববীয়াৰ সহযোগত ঘৰে ঘৰে গৈ নগদ এহেজাকৈ টকা হিতাধিকাৰীৰ হাতে হাতে প্ৰদান কৰে।
 
উল্লেখযোগ্য যে উক্ত ধনৰাশি লাভ কৰি দৰিদ্ৰ হিতাধিকাৰীসকল বিশেষভাৱে উপকৃত হ’ব বুলি আশা কৰিছে সচেতন ৰাইজে আৰু চৰকাৰৰ এই পদক্ষেপক আদৰণি জনাইছে।
খবৰ যুগুতালে টীয়কৰ পৰা অমৃত দত্তই..
 

Leave A Reply

Your email address will not be published.