এশিঙীয়া গঁড় খৰ্গৰ বিনষ্টকৰণৰ এক কাৰ্যসূচীত অংশগ্ৰহণ মুখ্যমন্ত্ৰী

0 213

ৰাজ্যৰ গৌৰৱ এশিঙীয়া গঁড় সংৰক্ষণৰ দিশত অসম চৰকাৰৰ এক শক্তিশালী পদক্ষেপ হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি বোকাখাতত গঁড় খৰ্গৰ বিনষ্টকৰণৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰে আৰু ২৪৭৯ টা খৰ্গ দাহন কাৰ্যৰ আনুষ্ঠানিক ভাৱে তদাৰক কৰে।উল্লেখযোগ্য যে গঁড়ৰ খৰ্গ সম্পৰ্কীয় প্ৰান্ত ধাৰণা নিৰ্মূলকৰণৰ লগতে ইয়াৰ ঔষধি মূল্য সম্পৰ্কীয় অন্ধবিশ্বাস দূৰ কৰিবলৈ আৰু গঁড়ৰ চোৰাং চিকাৰ তথা ইয়াৰ খৰ্গৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰাৰ বাবে ৰাজ্য খনৰ সাতটা কোষাগাৰত জমা ৰখা গঁড়ৰ খৰ্গ সমূহ আনুষ্ঠানিক ভাৱে বিনষ্ট কৰাৰ বাবে যোৱা ১৬ ছেপ্টেম্বৰত অনুষ্ঠিত কেবিনেট বৈঠকত ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছিল।সেই সিদ্ধান্ত অনুসৰি আজি বিশ্ব গঁড় দিৱসৰ দিনা বোকাখাতত ৰাজহুৱা ভাৱে গঁড়ৰ খৰ্গ দাহনৰ কাৰ্যসূচী ৰূপায়িত কৰা হয়।আজিৰ কাৰ্যসূচীত প্ৰাকৃতিক ভাৱে বা দুৰ্ঘটনাক্ৰমে মৃত্যু মুখত পৰা গঁড়ৰ পৰা আহৰণ কৰা বা চোৰাং চিকাৰী পৰা জব্দ কৰা মুঠ ২৬২৩ টা খৰ্গৰ ভিতৰত ২৪৭৯ টা খৰ্গ দাহন কৰা হয়।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত স্থাপন কৰিবলগীয়া এক সংগ্ৰহালয়ত খৰ্গৰ আকাৰ আৰু অবয়বৰ ওপৰত ভিত্তি কৰি ৯৪ টা গঁড়ৰ খৰ্গ প্ৰদৰ্শন বাবে সংৰক্ষণ কৰা হ’ব আৰু আদালতত বিচাৰধীন গোচৰ বাবে ২৯ টা খৰ্গ সুকীয়াকৈ ৰখা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
ৰাজ্য চৰকাৰে বন্যপ্ৰাণী চোৰাং চিকাৰৰ ক্ষেত্ৰত শূণ্য সহনশীল নীতি গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰৰ ধাৰাবাহিক প্ৰচেষ্টা ফলত অসমত এশিঙীয়া গঁড়ৰ সংখ্যা ১৯৯৯ চনত ১৬৭২ টাৰ পৰা ২০১৮ চনৰ পিয়ল অনুসৰি ২৬৫২ টা লৈ বৃদ্ধি পাইছে।ইমান বৃহৎ পৰিমানে গঁড়ৰ খৰ্গ আনুষ্ঠানিক ভাৱে ধ্বংস কৰাৰ এই ঘটনা দেশ তথা বিশ্বৰ ভিতৰতে প্ৰথম বুলি উল্লেখ কৰি ইয়াৰ জৰিয়তে ৰাজ্য চৰকাৰে বন্যপ্ৰাণী সুৰক্ষা প্ৰতি থকা দায়বদ্ধতা লগতে গঁড়ৰ চোৰাং চিকাৰৰ বিৰুদ্ধে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে বুলি মুখ্যমন্ত্ৰীয়ে কয়।
গঁড়ৰ খৰ্গৰ জমা ভাণ্ডাৰ বিক্ৰীৰ পৰা চৰকাৰে ৰাজহ উপাৰ্জন কৰিব পাৰিলেহেঁতেন বুলি একাংশ মহলৰ পৰা লাভ কৰা পৰামৰ্শ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বন্যপ্ৰাণী সম্পত্তি আৰু সম্পদ বিক্ৰী বা ক্ৰয় কৰাটো দেশৰ আইন বিৰোধী আৰু সেয়েহে এই খৰ্গবোৰ ধ্বংস কৰা হৈছে।লগতে এই খৰ্গ বিক্ৰী কৰিলে গঁড়ৰ খৰ্গৰ ঔষধি মূল্য সম্পৰ্কীয় অন্ধবিশ্বাস প্ৰচাৰ কৰা হ’ব যিটো ৰাজ্য চৰকাৰে নিবিচাৰে।মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে যে মানৱ অংগৰ ব্যৱসায়িক অনুমতি দিব নোৱাৰাৰ দৰেই ৰাজ্য চৰকাৰৰ বন্যপ্ৰাণীৰ অংগৰ ব্যৱহায়কো উৎসাহিত নকৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।এতিয়াৰে পৰা অসমত বন্য হত্যাৰ চেষ্টা কৰাৰ পূৰ্বে চোৰাং চিকাৰী সকলে দুবাৰ ভৰিব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে এনে কোনোধৰণৰ কাৰ্যকলাপক প্ৰশ্ৰয় নিদিয়ে আৰু ইয়াৰ লগত জড়িত অপৰাধীৰ বিৰুদ্ধে কঠোৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব।তেওঁ লগতে কয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে প্ৰস্তাৱিত এলিভেটেড কৰিডৰটো বন্য জন্তুৰ সকলৰ বাবে শীঘ্ৰেই নিৰ্মাণ কৰা হ’ব।
মুখ্যমন্ত্ৰীয়ে লগতে জনায় যে অহা ১ অক্টোবৰ পৰা পৰ্যটক আৰু দর্শনাৰ্থীৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰা হ’ব।ৰাজ্য চৰকাৰে অৰ্থনৈতিক কাম কাজ স্বাভাৱিক কৰাৰ বাবে ক’ভিডৰ নিষেধাজ্ঞসমূহ সম্পূৰ্ন ৰূপে উঠাই লোৱাৰ দিশত কাম কৰি আছে বুলি কয়।আজিৰ অনুষ্ঠানত পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য,কৃষি মন্ত্ৰী অতুল বৰা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত,হস্ততাঁত,বস্ত্ৰ আৰু ৰেচম বিভাগৰ মন্ত্ৰী ইউ জি ব্ৰক্ষ্ম,কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং,পৰিৱেশ আৰু বন বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী,মুখ্য বন পালক এম কে যাদৱ,প্ৰধান মুখ্য বন সংৰক্ষক ড° অলকা ভাৰ্গবৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল।

Leave A Reply

Your email address will not be published.