কবি খেতিৰে স্বাৱলম্বীতাৰ বাট বুলিছে মৰাণৰ এদল যুৱকে

0 222

মৰাণৰ বামুনবাৰী বৰবাম গাঁৱৰ প্ৰায় ২৫ জন শিক্ষিত যুৱকে কৃষি বিপ্লৱৰ সূচনা কৰিছে। চাকৰিৰ পাছে পাছে দৌৰি নাথাকি নিজৰ গাঁঠিৰ ধন ভাঙি নিৱনুৱা যুৱক কেইজনে ৬০ বিঘা মাটিত কবিৰ লগতে অন্যান্য খেতি কৰিছ।ইতিমধ্যে তেওঁলোকৰ সপোনৰ খেতিডৰা পূৰঠ হৈছে। যি ফালেই চাই সেইফালেই কেৱল ডাঠ সেউজীয়া। সপোনৰ ফুলকবি খেতিডৰা বগা পাহিমেলাত যুৱক কেইজনৰ মুখত হাঁহি বিৰিঙিছে। ইতিমধ্যে প্ৰায় ৬০ কুইণ্টলৰো অধিক ফুলকবি বজাৰত বিক্ৰী কৰিছে।
আনহাতে বিগত প্ৰায় ২৫ বছৰে এই খেতিৰ জৰিয়তে পৰিয়াল পোহপাল দিয়াৰ লগতে বছৰি ৫ৰপৰা ৬লাখ টকা লাভান্বিত হৈছে বুলি জানিব দিয়ে।নিৱনুৱা সমস্যাই ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়তে মৰাণৰ যুৱক সকলে কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ প্ৰচেষ্টাক সকলোৱে শলাগ লৈছে।

Leave A Reply

Your email address will not be published.