ক’ভিড১৯ৰ ভেকচিন প্ৰস্তুত অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ

0 280

সমগ্ৰ দেশজুৰি ক’ভিড১৯ৰ ভয়াৱহ সংক্ৰমণৰ সময়তে অক্সফ’ৰ্ড বিশ্ববিদ্যালয় তৰফৰ পৰা আহিছে এটা সু খবৰ। অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ে প্ৰস্তুত কৰি উলিওৱা ক’ৰণা মহামাৰীৰ ভেকচিন তথা টীকা এইবাৰ ট্ৰায়েল কৰা হ’ব ভাৰতত।
 
 
 
 
স্মৰ্তব্য যে লাইচেঞ্চ লাভ কৰাৰ পাছতে এই প্ৰক্ৰিয়া ভাৰতত আৰম্ভ কৰা হ’ব। লেছেন্ট নামৰ এখন মেডিকেল জাৰ্নেলত প্ৰকাশ পোৱা এক খবৰ অনুসৰি ক’ভিড১৯ৰ এই AZD1222নামৰ এই ভেকচিন বিধৰ প্ৰাৰম্ভিক পৰ্যায়ৰ ট্ৰায়েল ইতিমধ্যে সফলতাৰে সম্পন্ন হৈ উঠিছে। স্মৰ্তব্য যে এই ভেকচিন বিধৰ কোনোধৰণৰ গভীৰ চাইড ইফেক্ট এতিয়ালেকে পোৱা নাই বুলি জাৰ্ণেলখনত সদৰী কৰা হৈছে। ভেকচিন বিধৰ প্ৰস্তুতৰ সৈতে যিসকল গৱেষকসকল জড়িত হৈ আছে তেওঁলোকৰ মতে এই AZD1222নামৰ ভেকচিনবিধৰ কিছু চাইট ইফেক্ট আছে যদিও পেৰাচিটাৰ্মুলৰ জৰিয়তে এই চাইড ইফেক্টৰ সমস্যা দূৰ কৰিব পৰা যাব।

Leave A Reply

Your email address will not be published.