ক’ভিড ১৯ৰ বাবে জনতা ভৱনত বিষয়া-কৰ্মচাৰীৰ সীমিত উপস্থিতি বিষয়ক নিৰ্দেশনাৰ, ম্যাদ ৭ মে’লৈ বৃদ্ধি

0 179

ক’ভিড-১৯ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জনতা ভৱনত চৰকাৰী বিষয়া-কৰ্মচাৰীৰ উপস্থিতি তথা সৰ্বসাধাৰণ নাগৰিকৰ প্ৰৱেশৰ ক্ষেত্ৰত অসম চৰকাৰে ইতিমধ্যে বলৱৎ কৰা নিয়মাৱলীৰ ম্যাদ অহা ৭ মে’লৈকে বৃদ্ধি কৰা হৈছে ।ক`ভিড-১৯ ৰ সংক্ৰমণ প্রতিৰোধৰ বাবে লোৱা সতৰ্কতামূলক
ব্যৱস্থাৰ অংশ হিচাপে ৰাজ্য চৰকাৰৰ সচিবালয় প্ৰশাসনে যোৱা ২৭ এপ্ৰিলত জাৰি কৰা এক নিৰ্দেশনাৰ জৰিয়তে জনতা ভৱনৰ প্রতিটো বিভাগতে অবৰ সচিবতকৈ তলৰ পদমৰ্যদাৰ বিষয়া-কৰ্মচাৰীৰ ক্ষেত্ৰত ৫০ শতাংশ বিষয়া-কৰ্মচাৰীৰ সলনা সলনিকৈ কাৰ্যালয়ত উপস্থিতিৰ নিয়ম প্রযোজ্য কৰিছিল। গৰ্ভৱতী মহিলা তথা ৫ বছৰ অনুৰ্ধৰ সন্তান থকা মহিলা বিষয়া-কৰ্মচাৰীসকলৰ লগতে বিশেষভাৱে সক্ষম
কৰ্মচাৰীসকলৰ বাবে এই নিৰ্দেশনাৰ অধীনত কাৰ্যালয়ত উপস্থিতিৰ ক্ষেত্ৰত ৰেহাই প্রদান কৰা হৈছিল।
একেদৰে অতি জৰুৰী প্ৰয়োজনীয়তা অবিহনে সৰ্বসাধাৰণ লোকৰ বাবে জনতা ভৱনত প্ৰৱেশৰ ক্ষেত্রতো বাধা-নিষেধ আৰোপ কৰা হৈছিল। আজি সচিবালয় প্ৰশাসন বিভাগৰ সচিবে জাৰি কৰা নতুন নিৰ্দেশনাৰ জৰিয়তে জনতা ভৱনৰ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ সীমিত উপস্থিতিৰ লগতে সৰ্বসাধাৰণ লোকৰ জনতা ভৱনত প্ৰৱেশৰ ক্ষেত্ৰত জাৰি কৰা শেহতীয়া নিয়মসমূহ অহা ৭ মে’লৈ বাহালৰ ব্যবস্থা কৰা হৈছে।

Leave A Reply

Your email address will not be published.