কাজিৰঙাত কৰ্মৰত গৃহৰক্ষী জোৱান ভূপেন হাজৰিকালৈ ৰাষ্ট্ৰপতিৰ পদক

0 192

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত গৃহৰক্ষী জোৱান ভূপেন হাজৰিকাই লাভ কৰিছে ৰাষ্ট্ৰপতিৰ পদক ৷কাজিৰঙাৰ অগৰাতলি বনাঞ্চলৰ দেৱেশ্বৰী বন শিৱিৰত কৰ্মৰত গৃহৰক্ষী জোৱান ভুপেন হাজৰিকাই ২০১০ চনৰ ১২ ডিচেম্বৰৰ নিশা সাহসিকতাৰে গঁড় চিকাৰীৰ লগত যুঁজি অস্ত্ৰসহ গঁড়ৰ খৰ্গ উদ্ধাৰ কৰি কাজিৰঙালৈ আগবঢ়োৱা নিস্বাৰ্থ সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে ৷যোৱা ৬ ডিচেম্বৰত গুৱাহাটীৰ পানীখেতিত থকা গৃহৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত ভূপেন হাজৰিকাক ৰাষ্ট্ৰপতিৰ পদক আৰু মানপত্ৰ প্ৰদান কৰা হয় ৷উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে ৰাষ্ট্ৰপতিৰ পদক লাভ কৰা ভূপেন হাজৰিকাই হ’ল প্ৰথম গৰাকী গৃহৰক্ষী জোৱান৷১০ টা বছৰৰ পিচত এই সাহসিকতাৰ বাবেই গৃহৰক্ষী ভূপেন হাজৰিকাক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে মানপত্ৰ পদক প্ৰদান কৰে৷

Leave A Reply

Your email address will not be published.