কালিৰে পৰা ৫ এপ্রিললৈ ‘এবছেণ্টি ভোটাৰৰ বেলটত ভোটগ্রহণ

0 170

নির্ধাৰিত ভোটগ্রহণ কেন্দ্রত সোঁশৰীৰে উপস্থিত থাকি ভোটদান সাব্যস্ত কৰিব নোৱাৰা কামৰূপ মহানগৰ জিলাৰ চাৰিটা সমষ্টিৰ প্রায় ৩ হাজাৰ ‘এবছেণ্টি ভোটাৰ’ৰ বাবে কালিৰে পৰা আৰম্ভ কৰা হৈছে বেলটত ভোটগ্রহণ প্রক্রিয়া৷
কালিৰে পৰা ৫ এপ্রিললৈকে ১০ দিন ধৰি চলিবলগীয়া এই ভোটগ্রহণ প্রক্রিয়াত ‘এবছেণ্টি ভোটাৰ’ৰ তালিকাত ৮০ বছৰ ঊর্ধ্বৰ ভোটাৰ, দিব্যাংগ আৰু ক’ভিড–১৯ত আক্রান্ত ভোটাৰক সন্নিৱিষ্ট কৰি ঘৰতে ভোটগ্রহণৰ এই ব্যৱস্থা গ্রহণ কৰা হৈছে৷নিজ ঘৰতে থাকি ভোটদান সাব্যস্ত কৰিব পৰা এই প্রক্রিয়াটোত প্রতিগৰাকী ‘এবছেণ্টি ভোটাৰ’ৰ ঘৰলৈ এজন মাইক্র’ অবজাৰভাৰ, দুগৰাকী প’লিং বিষয়া, এজন ভিডি’গ্রাফাৰ আৰু এজন আৰক্ষী বিষয়া যাব আৰু নির্ধাৰিত প্রক্রিয়া অনুসৰি ভোটাৰগৰাকীয়ে ঘৰতে ভোটদান সাব্যস্ত কৰিব পাৰিব৷প্রতিগৰাকী এবছেণ্টি ভোটাৰক সুৰক্ষিতভাৱে নিজৰ ভোটদানৰ অধিকাৰ সাব্যস্তৰ সুবিধা প্রদানৰ বাবেই নির্বাচন আয়োগে প্রথমবাৰৰ বাবে আৰম্ভ কৰিছে এই ব্যৱস্থা৷

Leave A Reply

Your email address will not be published.