কাৰ্বি শান্তি চুক্তিত স্বাক্ষৰকাৰী সংবিজিত ইংতি কাথাৰ আৰু কংকাত টেৰণক দেউছটালত সম্বৰ্ধনা

0 464

কাৰ্বি আংলং আৰু অসমৰ ভৈয়াম অঞ্চলত বাস কৰা কাৰ্বি সম্প্ৰদায়ৰ বাবে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ সৈতে শান্তি চুক্তি স্বাক্ষৰকাৰী দুই নেতা ক্ৰমে – পিপলছ ডেমক্ৰেটিক কাউন্সিল অফ কাৰ্বি চমুকৈ পি ডি চি কেৰ প্ৰাক্তন অধ্যক্ষ সংবিজিত ইংতি কাথাৰ , প্ৰাক্তন উপাধ্যক্ষ কংকাত টেৰণক আজি গুৱাহাটীৰ দীপৰ বিলৰ কাষৰীয়া দেউছটাল খেলপথাৰত আয়োজিত এক অনুষ্ঠানত অঞ্চলটোৰ কাৰ্বি সমাজে শান্তি স্থাপনত আগভাগ লোৱা বাবে ৰাজহুৱাভাবে সম্বৰ্ধনা জনায় । এই উপলক্ষে সমাজকর্মী কেষ্টৰাম ৰংপীয়ে সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আঁত ধৰে প্ৰমোদ ৰংপীয়ে । সভাত বলেশ্বৰ ৰংপী , নৃপেন ইংতি , দ্বীপেন ৰংপীকে ধৰি কেবাজনেও ভাষণত দুই শান্তিচুক্তি স্বাক্ষৰকাৰী নেতাক শান্তি স্থাপনত আগভাগ লোৱা বাবে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ সুস্বাস্থ্য কামনা কৰে ।সভাত দুয়োজনকে কাৰ্বি পৰম্পৰাৰে আদৰণি জনোৱা হয় ।তেনেদৰে সম্বৰ্ধনাৰ প্ৰত্যুত্তৰত দুয়োজন নেতাই পৰিৱৰ্তিত পৰিস্থিতিত চৰকাৰৰ উন্নয়নৰ যাত্ৰাত অংশীদাৰ হবলৈ হলে কাৰ্বি আংলংসহ ৰাজ্যত শান্তি স্থাপনৰ বিকল্প নাই বুলি সদৰি কৰে।
বাতৰি যুগুতালে জিতুমণি দাসে..

Leave A Reply

Your email address will not be published.