কেন্দ্ৰীয় জলশক্তি,খাদ্য সংসাধন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

0 226

কেন্দ্ৰীয় জলশক্তি ,খাদ্য সংসাধন,উদ্যোগ ইত্যাদি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী প্ৰহ্লাদ সিং পেটেলৰ সৈতে আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আমিনগাঁওস্থিত পৰিদৰ্শন বঙলাত এক পৰ্যালোচনা মূলক বৈঠকত মিলিত হয়।বৈঠকত অসমত জলজীৱন আঁচনিৰ ৰূপায়ণৰ বিভিন্ন দিশ কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে পৰ্যালোচনা কৰে।আনহাতে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে অসমত খাদ্য সংসাধন উদ্যোগৰ সম্ভাৱনীয়তা সম্পৰ্কেও মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰে।বৈঠকত মুখ্যমন্ত্ৰীয়ে কয় যে অসমত জলজীৱন আচঁনিখন ৰূপায়ণৰ দিশত ৰাজ্য চৰকাৰে ইতিমধ্যে অগ্ৰাধিকাৰ ভিত্তিত পদক্ষেপ গ্ৰহণ কৰিছে।এই আচঁনিখন ৰূপায়ণৰ ক্ষেত্ৰত উপায়ুক্ত সকলক কৰ্তৃত্ব প্ৰদান কৰা লগতে প্ৰতিমাহে উপায়ুক্ত সকলৰ সৈতে কামৰ অগ্ৰগতি পৰ্যালোচনা কৰা হৈছে বুলি কয়।চলিত বৰ্ষৰ২২ লাখ পৰিয়াললৈ নলযোগে পানী যোগানৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি উল্লেখ কৰি কয় যে ৮০০ খন চাহ বাগিচাত আচঁনিখন ৰূপায়ণৰ বাবে তৎপৰতাৰে পদক্ষেপ গ্ৰহণ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে প্ৰকল্প সমূহত যাতে গুণগত মান অটুট থাকে সেই দিশটো গুৰুত্ব আৰোপ কৰা হৈছে বুলি কয়।বৈঠকত মুখ্যমন্ত্ৰীয়ে বিভাগীয় পৰ্যায়টো সমিতি গঠনকৰি আচঁনিখনৰ ৰূপায়ণৰ ফলপ্ৰসূ কৰাৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ শীৰ্ষ বিষয়া সকলক নিৰ্দেশ দিয়ে।
বৈঠকত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে জলজীৱনৰ আচঁনিখনৰ অধীনত নতুন প্ৰকল্প সমূহৰ অতিশীঘ্ৰে অনুমোদন জনোৱা ওপৰত গুৰুত্ব আৰোপ কৰে।তেওঁ অংগনবাডী কেন্দ্ৰ আৰু বিদ্যালয় সমূহত আচঁনিখনৰ জৰিয়তে পানিযোগান সুনিশ্চিত কৰিবৰ বাবেও বিষয়া সকলক নিৰ্দেশ দিয়ে।বৈঠকত জনস্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব চৈয়দ্দিন আবুচিয়ে আচঁনিখনৰ ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ সম্পৰ্কে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক অৱগত কৰে।আজিৰ এই বৈঠকত ৰাজ্য খনত খাদ্য সংসাধন উদ্যোগ গঢ়ি তোলাৰ সম্ভাৱনীয়তা দিশ সমূহহো পৰ্যালোচনা কৰা হয়।পি এম এফ এম ই আচঁনিখনৰ সম্পৰ্কটো আলোচনা কৰা হয়।কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ক্ষুদ্ৰ ফুড পার্ক স্থাপনৰ দিশত কেন্দ্ৰীয় চৰকাৰে সকলো ধৰণৰ সহযোগিতা আগবঢ়াব বুলি কয়।আজিৰ এই বৈঠকত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস,মুখ্যমন্ত্ৰী প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়া সকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.