কেবিনেটত গৃহীত হ’ল কেইটামান সিদ্ধান্ত,কিন্তু কি এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত

0 297

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত মুখ্যমন্ত্ৰী কাৰ্যলয়ত মঙলবাৰে অনুষ্ঠিত হয় মন্ত্ৰী পৰিষদৰ বৈঠক।কেবিনেটে বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়ে সংবাদ মাধ্যমক অৱগত কৰা অনুসৰি কেবিনেটৰ সিদ্ধান্ত কেইটা হ’ল
১.দেৱনাগৰী লিপিত বড়ো ভাষাক ৰাজ্য খনৰ সহযোগী চৰকাৰী ভাষা হিচাপে প্ৰৱৰ্তনৰ বাবে অসম চৰকাৰী ভাষা সংশোধনী বিধেয়ক উত্থাপনত অনুমতি জনায়।
২.অসম মালা প্ৰকল্প আৰু বহি: সাহাৰ্য্য প্ৰাপ্ত প্ৰকল্প সমূহৰ অধীনত ৰাজ্যিক ঘাইপথ আৰু জিলা সমূহৰ প্ৰধান পথ সমূহৰ উন্নীতকৰণৰ বাবে বুজাবুজিৰে মীমাংসাত উপনীত হোৱাৰ মাধ্যমেৰে প্ৰত্যক্ষ ক্ৰয়ৰ জৰিয়তে ভূমি অধিগ্ৰহনত কেবিনেট বৈঠকে অনুমোদন জনায়।
৩.সমাজ কল্যান সঞ্চালকালয়ক দ্বিবিভক্ত কৰি মহিলা আৰু শিশু উন্নয়ন সঞ্চালকালয় আৰু সামাজিক ন্যায় আৰু সৱলীকৰণ সঞ্চালকালয় গঠনত অনুমোদন জনায়।
৪.আৰ আই ডি এফৰ অধীনত নাবাৰ্ডৰ পৰা ৯১ কোটি টকাৰ ঋণ গ্ৰহনত অনুমোদন জনায়।
৫.ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ কৰ্মচাৰী সকলৰ বাবেও চাকৰিকালীন লাভালাভত কেবিনেটে অনুমোদন জনায়।
৬.ৰাজ্যৰ স্নাতক মহাবিদ্যালয় সমূহত লাইব্ৰেৰিয়ানৰ পদ প্ৰদেশীকৰণৰ বাবে এখন বিধেয়ক উত্থাপনত কেবিনেটে অনুমোদন জনায়।
৭.কেবিনেটত কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদ আইনৰ সংশোধনীৰ লগতে বড়ো কল্যান স্বায়ত্ত শাসিত পৰিষদ গঠনত অনুমোদন জনায়।
৮.কোকৰাঝাৰ সংগীত আৰু চাৰুকলা মহাবিদ্যালয়, যোৰহাটৰ অসম সত্ৰীয়া সংগীত মহাবিদ্যালয় কৰা হ’ব চৰকাৰীকৰণ।
৯.অসম চিকিৎসা মহাবিদ্যালয় সমূহত শিক্ষক হিচাপে কৰ্মৰত চিকিৎসক সকলৰ কেৰিয়াৰ প্ৰগ্ৰেছন স্কীমত কেবিনেটে অনুমোদন জনায়।

Leave A Reply

Your email address will not be published.