কেৰিয়াৰ সজাগতা সভা আয়োজন

0 232

৫ মে’ত  সৰ্বভাৰতীয় পৰ্যায়ত National Eligibility Cum Entrance Test (NEET) পৰীক্ষা অনুষ্ঠিত কৰা হ’ব। ৰাজ্যখনৰ অন্যান্য পৰীক্ষা কেন্দ্ৰসমূহৰ লগতে তেজপুৰস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী চমুকৈ জি আইএম টি, তেজপুৰ পৰীক্ষাকেন্দ্ৰতো উক্ত পৰীক্ষা অনুষ্ঠিত হ’ব। মহাবিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা জনোৱা হয় যে, পৰীক্ষাৰ সময়ছোৱাত উপস্থিত থকা অভিভাৱক সকলৰ উদ্দেশ্যে সেইদিনা প্ৰতিষ্ঠানখনত এখনি কেৰিয়াৰ সজাগতা সভা অনুষ্ঠিত কৰা হ’ব। দিনৰ ২:৩০ বজাৰ পৰা মহাবিদ্যালয়ৰ পেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া উক্ত সভাখনত কেৰিয়াৰ সম্পৰ্কীয় বিভিন্ন দিহা-পৰামৰ্শ আগবঢ়াব মহাবিদ্যালয়খনৰ অধ্যক্ষ তথা ৰাজ্যখনৰ আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা ড° বুলজিৎ বুঢ়াগোহাঁয়ে। উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন PPP (Public Private Partnership) আৰ্হিত স্থাপিত শিক্ষা প্ৰতিষ্ঠানখনৰ প্ৰতিটো বিভাগৰ মুঠ আসন, চৰকাৰীভাৱে সংৰক্ষিত আসন আদিৰ বিষয়ে বিতং ভাৱে জানিবলৈ আগ্ৰহী অভিভাৱকসকলে উক্ত সভাত অংশগ্ৰহণ কৰিব পাৰিব।

Leave A Reply

Your email address will not be published.