গুৱাহাটী ৰেল ষ্টেচনত হস্ততাত আৰু বস্ত্ৰশিল্প কেন্দ্ৰ মুকলি কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্ৰীৰ

0 216

উত্তৰ পূৱৰ ৰাজ্য কেইখনৰ থলুৱা শিপিনী, কাৰিকৰ সকলক সুবিধা প্ৰদানৰ উদ্দেশ্যে উত্তৰ পূব সীমান্ত ৰেলৱে কৰ্তৃপক্ষই গুৱাহাটী ৰেল ষ্টেচনত এটা হস্ততাত আৰু বস্ত্ৰশিল্প কেন্দ্ৰ স্থাপন কৰিছে। যোৱা ১৯ ডিচেম্বৰত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কেন্দ্ৰটো মুকলি কৰে কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্ৰী দৰ্শনা জাৰডোছে। অনুষ্ঠানত গুৱাহাটীৰ সাংসদ কুইন ওজা, উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰবন্ধক অংশুল গুপ্তাকে ধৰি বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া-অভিযন্তা সকল উপস্থিত থাকে। উল্লেখ্য যে, এই কেন্দ্ৰটোত অঞ্চলটোৰ থলুৱা অৰ্থনীতিক সমৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে । কেন্দ্ৰটোত ৰেলত ভ্ৰমণ কৰা যাত্ৰীয়ে নিজৰ পৰম্পৰাগত সাজ পোছাক, সামগ্ৰী ক্ৰয় কৰিব পাৰিব।

Leave A Reply

Your email address will not be published.