চ’চিয়েল মিডিয়াত জানমণি চৰ্চিত হৈ পৰিছে,কিন্তু কোন এই জানমণি

0 258

জানমণি অসমৰ এটা জনপ্ৰিয় চৰিত্ৰ। জানমণিয়ে ভি চি ডি বা চলচ্চিত্ৰৰ জৰিয়তে ভূমুকি মাৰি অসমৰ সকলোৰে মাজত জনপ্ৰিয় হৈ পৰিছিল। সেই জানমণিক সকলোৱে চিনি পায়।
 
আজি যিগৰাকী জানমণিৰ বিষয়ে জনাবলৈ ওলাইছো সেইগৰাকী জানমণিয়ে কোনো ভি চি ডিত অভিনয় কৰা নাই। তেখেতে সংগ্ৰাম কৰিছে জীৱনৰ সৈতে। কিছুদিনৰ আগতে সেয়েহে চ’চিয়েল মিডিয়াৰ জৰিয়তে এই বিশেষ জানমণি গৰাকী চৰ্চালৈ আহিছিল। কিয়নো এইগৰাকী জানমণিয়ে বাস্তৱ জীৱনৰ সৈতে সংগ্ৰাম কৰি ব্যতিক্ৰম ধৰণে পেটৰ অন্নমুঠি যোগাইছে।
 
সমগ্ৰ ৰাজ্যতে লকডাউন অব্যাহত থকাৰ সময়তে ডিব্ৰুগড়ৰ জামিৰাৰ হাপেখাতী ঘগৰা গাঁৱৰ জানমণি গগৈ নামৰ যুৱতীগৰাকীয়ে ডিব্ৰুগড় জিলাৰ বিভিন্ন অঞ্চলত ঘৰে ঘৰে শাক পাচলিৰ যোগান ধৰে।লকডাউনৰ সময়তো জানমণি পিছ পৰি ৰোৱা নাই। এমুঠি অন্নৰ বাবে জানমণিয়ে সংগ্ৰাম চলাই গৈছে। জানমনিৰ এই জীৱন সংগ্ৰামৰ ছবি চ’চিয়েল মিডিয়াত প্ৰকাশ পোৱাৰ লগে লগে সৰ্বত্ৰে চৰ্চা হৈ পৰিছে।
 
এই খবৰৰ পম খেদি আমি জানিব পাৰিলো যে জানমণিৰ পিতৃ যোৱা ১৮টা বছৰে শাৰীৰিক অসুস্থতাত ভূগি আছে। যাৰ বাবে এনেদৰে লকডাউনৰ সময়ছোৱাতো জীৱন সংগ্ৰাম কৰি গৈছে। কম বয়সতে ঘৰৰ বোজা লোৱা জানমনিয়ে ৩০কিলোমিটাৰ চাইকেল চলাই দেওবৰীয়া বজাৰত শাক পাচলি বিক্ৰী কৰি মাতৃ মনোমতী গগৈক সহায়ৰ হাত আগবঢ়ায়।
 
উল্লেখযোগ্য যে এইগৰাকী জানমনিয়ে উচ্চতৰ মাধ্যমিকৰ পিছত শিক্ষা গ্ৰহণ কৰিব নোৱাৰিলে। জীৱন সংগ্ৰামৰত জানমণি গগৈৰ জীৱন সংগ্ৰামৰ ফটো আৰু ভিডিঅ’ চ’চিয়েল মিডিয়াত বহুলভাৱে শ্বেয়াৰ হোৱাৰ পিছতেই ৰাজ্যৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি আৰু অভিনেত্ৰীয়ে জানমণিক সহায়ৰ হাত আগবঢ়াইছে ।

Leave A Reply

Your email address will not be published.