চাৰিদুৱাৰত চি আৰ পি এফৰ গছপুলি ৰোপনৰ কাৰ্যসূচী অনুষ্ঠিত

0 242

শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী চাৰিদুৱাৰত আজি অসম কটন মিলছস্থিত ৩০ নং চি আৰ পি এফ বেটেলিয়নৰ উদ্যোগত এক গছপুলি ৰোপন কাৰ্যসূচী অনুষ্ঠিত হয় । কেম্পৰ সমীপতে কেম্পটোৰ কামাণ্ডেন্ট দীনেশ সিং চণ্ডেলে শুভাৰম্ভ কৰা অনুষ্ঠানটিত কেম্পৰ বিষয়ববীয়া, সৈনিক, পৰিয়াল লোকসকলে ভালেমান মূল্যৱান গছপুলি ৰোপন কৰে । উল্লেখ্য যে, ৩০ নং বেটেলিয়নৰ পৃষ্ঠপোষকতাত ইতিমধ্যে শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি আৰু গোলাঘাটক সামৰি সৰ্বমুঠ ১০১০০ জোপা মূল্যৱান গছপুলি ৰোপন কৰা কাৰ্য সম্পন্ন কৰা হৈছে । বেটেলিয়নটোৰ চি অ’ দিনেশ সিং চণ্ডেলে অনুষ্ঠানটো শুভাৰম্ভ কৰি কয় যে , তেওঁলোকে বৰ্তমান গোলকীয় উষ্ণতা বৃদ্ধি হ্ৰাস কৰাৰ অন্যতম পদক্ষেপ হিচাপে এনেদৰে গছপুলি ৰোপন সেউজ কাৰ্যসূচী ৰূপায়ন কৰিছো । গছ থাকিলেহে মানুহ পৃথিৱীত সুস্থিৰভাৱে জীয়াই থাকিব পাৰিব, বুলি দোহাৰি সকলোকে এজোপাকৈ হ`লেও গছপুলি ৰোপন কৰি তাৰ প্ৰতিপাল কৰাৰ আহ্বান জনায় ।
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই

Leave A Reply

Your email address will not be published.