চাৰিদুৱাৰত যুৱ সাংবাদিক সন্থা অসমৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস আৰু বিশেষ সম্বৰ্ধনা অনুষ্ঠান

0 182

শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী ঐতিহ্যমণ্ডিত চাৰিদুৱাৰৰ সীমান্ত মিলন সংঘত অহা ১৬ নৱেম্বৰত যুৱ সাংবাদিক সন্থা ,অসমৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু বালিপৰা প্ৰেছ ক্লাবৰ সহযোগত দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস আৰু বিশেষ সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হৈছে । অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি, উক্ত দিনা পুৱা ৯:০০ বজাত যুৱ সাংবাদিক সন্থাৰ পতাকা উত্তোলন কৰিব সন্থাৰ কেন্দ্ৰীয় সভাপতি চন্দন দাসে । লগতে বালিপৰা প্ৰেছ ক্লাবৰ পতাকা উত্তোলন কৰিব ক্লাবৰ সভাপতি মিলন দাসে । পুৱা ৯:৩০ বজাত শ্বহীদ তৰ্পণ কৰিব যুৱ সাংবাদিক সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক কাঞ্চনজ্যোতি গোহাঁইয়ে । পুৱা ১০:০০ বজাত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাদেৱৰ প্ৰতিমূৰ্তিত মাল্যৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি জনাব অভ্যৰ্থনা সমিতিৰ সভাপতি ৰাজনীশ শইকীয়াই । একেদৰে কাৰ্যসূচীমতে পুৱা ১০:৩০ বজাত বৃক্ষৰোপণ কাৰ্যসূচীৰ উদ্বোধন কৰিব চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া অদিতি গগৈয়ে । দিনৰ ১১:০০ বজাৰপৰা আৰম্ভ হ’ব মূল সভা । যুৱ সাংবাদিক সন্থাৰ কেন্দ্ৰীয় সভাপতি চন্দন দাসৰ সভাপতিত্ব অনুষ্ঠিত হ’বলগীয়া মূল সভাখন শুভ উদ্বোধন কৰিব বৈদ্যুতিন চেনেল ডি ৱাই ৩৬৫ ৰ পৰিচালন সঞ্চালিকা দীপান্বিতা জয়ছোৱালে । সভাত নিৰ্দিষ্ট বক্তা হিচাপে ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰঞ্জন কলিতা, মুখ্য অতিথি হিচাপে ৭৫ নং চতিয়া বিধানসভা সমষ্টিৰ বিধায়ক (কেবিনেট মৰ্যদাপ্ৰাপ্ত ) পদ্ম হাজৰিকা, বিশিষ্ট অতিথি হিচাপে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাস, আমন্ত্ৰিত অতিথি হিচাপে ক্ৰমে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা উদ্দীপজ্যোতি গগৈ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱা , সন্মানীয় অতিথি হিচাপে ক্ৰমে শোণিতপুৰ জিলা উপায়ুক্ত ভূপেশ চন্দ্ৰ দাস আৰু শোণিতপুৰ জিলা আৰক্ষী অধীক্ষক ড০ ধনঞ্জয় সিং ঘনাৱট, শোণিতপুৰ জিলা তথ্য আৰু জনসংযোগ বিষয়া নীনা বৰুৱা, নিমন্ত্ৰিত অতিথি হিচাপে ক্ৰমে ৭৪ নং ৰঙাপৰা বিধানসভা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতী, অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সভাপতি ধীৰাজ গোৱালা, চাহ জনজাতি ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সম্পাদক অনন্ত সোনা উপস্থিত থাকিব । উল্লেখ্য যে অনুষ্ঠানৰ লগত সংগতি ৰাখি ডি ৱাই ৩৬৫ চেনেলৰ পৰিচালন সম্পাদক প্ৰাণজিৎ শইকীয়া, প্ৰাগ নিউজৰ আউটপুট ইডিটৰ ধীৰাজ ৰায় মেধি, প্ৰতিদিন টাইমৰ জ্যেষ্ঠ বাতৰি প্ৰযোজক গৌতম শৰ্মা, ডি এ নিউজ প্লাছৰ জ্যেষ্ঠ বাতৰি প্ৰযোজক বিকাশ পৰাশৰ আৰু অসম লাইভ ২৪ ৰ উদীয়মান বাতৰি পৰিৱেশক পৰাগজ্যোতি ফুকনক জনোৱা হ’ব বিশেষ সম্বৰ্ধনা । উক্ত দিনা সন্ধ্যা ৬:০০ বজাৰপৰা অনুষ্ঠিত হ’ব বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান । অনুষ্ঠান উদ্বোধন কৰিব চাৰিদুৱাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আলিমুদ্দিন আহমেদে । বন্তি প্ৰজ্বলন কৰিব ৰঙাপৰা আৱকাৰী বিভাগৰ সহকাৰী পৰিদৰ্শক জয়ন্ত চৌধুৰীয়ে । অনুষ্ঠানৰ মুখ্য আকৰ্ষণ ৰিপুঞ্জয় দহোটীয়া আৰু অংশুদীপৰ গীতৰ শৰাই । অনুষ্ঠানত অঞ্চলটোৰ সকলো শ্ৰেণীৰ ৰাইজ, শুভাকাংক্ষী, অতিথিবৃন্দৰ উপস্থিতি, সহায়-সহযোগিতা যুৱ সাংবাদিক সন্থা অসম, বালিপৰা প্ৰেছ ক্লাব আৰু অভ্যৰ্থনা সমিতিয়ে আন্তৰিকতাৰে কামনা কৰিছে।
বাতৰি যুগুতালে প্ৰাঞ্জলে..

Leave A Reply

Your email address will not be published.