জামুগুৰিহাটৰ জীয়াভৰলীৰ খননথলীত উপস্থিত মন্ত্ৰী পিয়ুষ হাজৰিকা-মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব জীয়াভৰলী খনন কাৰ্য

0 198

অহা দহ পোন্ধৰ দিনৰ ভিতৰত আৰম্ভ হ’ব জীয়াভৰলীৰ খনন কাৰ্য৷ৰাজ্য চৰকাৰে প্ৰথমবাৰৰ বাবে নদী খননৰ বাবে লোৱা এই কামৰ শুভাৰম্ভ কৰিব ৰাজ্যৰ মূখ্যমন্ত্ৰীগৰাকীয়ে ৷এই মন্তব্য মন্ত্ৰী পিয়ুষ হাজৰিকাৰ৷ৰবিবাৰে জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ পাৰত সুদুৰ মুম্বাইৰপৰা অনা অত্যাধুনীক যন্ত্ৰাংশ সমুহ পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে কয়-চৰকাৰৰ এই পদক্ষেপৰ জৰিয়তে নদীপৰীয়া লোকসকলক গৰাখহনীয়াৰপৰা ৰক্ষা কৰিবৰ বাবে চেষ্টা কৰা হৈছে৷প্ৰায় ২০ কোটি টকা ব্যয়ৰে অত্যাধুনিক ড্ৰেজাৰ মেচিন আমাৰ চৰকাৰে ক্ৰয় কৰি আনিছে৷ইয়াৰোপৰি এই কাৰ্যত সফল হ’লে অনাগত সময়ত অন্যান্য নৈ উপনৈ সমুহতো খনন কাৰ্য চলোৱা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কয় যে শীঘ্ৰে আমেৰিকাৰ পৰা অহা দুগৰাকী বিশেষজ্ঞ অভিযন্তাই যন্ত্ৰাংশসমুহ পুংখানুপুংখভাৱে পৰীক্ষা কৰাৰ পাছতেই নদীখনৰ খনন কাৰ্য আৰম্ভ হ’ব৷পৰিদৰ্শনকালত উপস্থিত থাকি চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই জীয়াভৰলী নদী খননৰ জৰিয়তে জামুগুৰিহাটৰ পশ্চিম প্ৰান্তৰ গৰাখহনীয়া ৰোধ হোৱাৰ লগতে জীয়াভৰলীৰ চকুলো আশীৰ্বাদলৈ ৰূপান্তৰিত হ’ব বুলিও মন্তব্য কৰে৷
বাতৰি যুগুতালে জামুগুৰিহাট পৰা ৰাতুল হাজৰিকাই

Leave A Reply

Your email address will not be published.