ডি এন পি এলৰ লাভালাভৰ সম্পৰ্কত অধ্যক্ষই কি ক`লে

0 223

অসম চৰকাৰৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান ডি এন পি লিমিটেডৰ চতুৰ্দশ বাৰ্ষিক সাধাৰণ সভাখন ১০ নৱেম্বৰত কোম্পানীৰ গুৱাহাটীৰ কাৰ্যালয়ত কোম্পানীৰ অধ্যক্ষ ৰূপম গোস্বামীৰ অধ্যক্ষতাত অনুষ্ঠিত হয়।২০২০-২১ বৰ্ষত ডি এন পি লিমিটেড মুঠ ৰাজহ আহৰণ প্ৰায় ১০১,০৫ কোটি টকা । ২০১৯-২০ বৰ্ষৰ ৩৫.৪২ কোটি টকা পৰিবৰ্তে ২০২০-২১ বৰ্ষত ১৪.৮৮ শতাংশ বৃদ্ধিৰ সেই লাভালাভ কৰ আদায় দিয়া পিছত ৪০.৬৯ কোটি নিৰ্ধাৰণ কৰা হয়।
উল্লেখযোগ্য যে যোৱা ৩১ মাৰ্চত অন্তত ২০২০-২১ বিত্তীয় বৰ্ষত কোম্পানীয়ে ইয়াৰ শ্বেয়াৰ সমূহৰ ওপৰত ৬ শতাংশ হাৰত লাভাংশ আগবঢ়াইছে,অৰ্থাৎ প্ৰতি দহ টকাৰ শ্বেয়াৰ বিপৰীতে লাভৰ পৰিমাণ ০.৬০ টকাকৈ মুঠ ১০.০৪ কোটি টকা।২০০৭ চনত গঢ় লৈ উঠা ডি এন পি এল অসম চৰকাৰৰ অধীনস্থ এটি ৰাজহুৱা প্ৰতিষ্ঠান ।যি মূলতন্ত্ৰ অসম গেছ কোম্পানী লিমিটেড নুমলীগড় ৰিফাইনেৰী লিমিটেড আৰু অইল ইণ্ডিয়া লিমিটেড যৌথ প্ৰচেষ্টাত গঢ় লোৱা এটি ব্যৱসায়িক প্ৰতিষ্ঠান। ডি এন পি লিমিটেড দুলিয়াজানৰ পৰা নুমলীগড় তেল শোধনাগাৰলৈ প্ৰাকৃতিক গেছৰ পৰিবহণ ব্যৱস্থা সৈতে জড়িত।২০২০-২১ বৰ্ষত কোম্পানীয়ে ৩০০.১৪ (MMSCM)প্ৰাকৃতিক গেছ নুমলীগড় ৰিফাইনেৰীলৈ পৰিবহন কৰিছে য’ত আগৰ বছৰৰ পৰিবহন আছিল ২৬৯.২৪(MMSCM)অৰ্থাৎ চলিত বৰ্ষৰ পাইপ লাইন ব্যৱস্থাৰ বৰ্ধিত পৰিমাণ ১১.৪৮ শতাংশ।
কোম্পানীৰ সামাজিক দায়বদ্ধতা প্ৰতি লক্ষ্য ৰাখি ২০১৪-১৫ বৰ্ষৰ প্ৰতিবছৰে বিভিন্ন উন্নয়ন মূলক কাম কৰি আহিছে।তাৰ ভিতৰত অন্যতম দিশ সমূহৰ ভিতৰত স্বাস্থ্য, পৰিস্কাৰ পৰিচন্নতা, প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰা, শিক্ষা খণ্ডৰ বিকাশ অন্যতম।সামাজিক দায়বদ্ধতা আঁচনি বাবদ ২৯১৯-২১ বৰ্ষত কোম্পানীৰ মুঠ খৰছৰ পৰিমাণ ১.৪৩ কোটি টকা ।যাৰ সহায়ত স্বচ্ছ ভাৰত অভিযানৰ অধীনত বিভিন্ন জিলা যেনে ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট আৰু কামৰূপ জিলাত শৌচাগাৰ নিৰ্মাণ কৰিছে।তদুপৰি শিক্ষাৰ প্ৰসাৰ আৰু প্ৰচাৰ কৰাৰ লগতে মধুবন আৰু দুলিয়াজানত mother
Orchid station নিৰ্মাণৰ ওপৰিও সৌৰশক্তি চালিত ষ্ট্ৰিট লাইটৰ ব্যৱস্থা কৰিছে।

Leave A Reply

Your email address will not be published.