ঢকুৱাখনা প্ৰকল্পত শিশু মংগল দিৱস পালন

0 480

লখিমপুৰ জিলা সমাজ কল্যাণ বিষয়াৰ  কাৰ্যালয়ৰ অন্তৰ্গত  ঢকুৱাখনা  সংহত শিশু উন্নয়ন প্ৰকল্পৰ  উদ্যোগত মঙ্গলবাৰে  চতুৰ্থ সংখ্যক ৰাষ্ট্ৰীয় পোষণ মাহ ২০২১  বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন  কৰা হয়।  ঢকুৱাখনা প্ৰকল্পৰ ভাৰপ্ৰাপ্ত প্ৰকল্প বিষয়া ,সহকাৰী আয়ুক্ত মাচি তপ্ন ,  জিলা সমন্বয়ক বিষ্ণু দেৱ শৰ্মা,  ঢকুৱাখনা ব্লক সমন্বয়ক  সত্যজিৎ সোণোৱাল ,  পৰিসংখ্যা সহায়ক পংকজ চৌধুৰী ,  মুখ্য সহায়িকা আৰু অংগনৱাদী কৰ্মীৰ উপস্থিতি আৰু অংশ গ্ৰহনেৰে  প্ৰথমেই  প্ৰকল্প কাৰ্য্যালয়ৰ পৰা উলিওৱা হয়  এক  সজাগতামূলক সাংস্কৃতিক শোভাযাত্ৰা। বিভিন্ন জাতি জনগোষ্ঠীৰ  কৃষ্টি সংস্কৃতিৰে উদ্ভাসিত  শোভাযাত্ৰাই সজাগতাৰ বাণী বিলাই ৰাজপথ পৰিভ্ৰমণ কৰি  উপস্থিত হয় ঢকুৱাখনা নৰ্মাল স্কুল প্ৰাংগনত।  ইয়াৰ সমান্তৰাল ভাৱে প্ৰকল্পটোৰ   মুখ্য সেৱিকা মিনু দাসৰ ৰচনা আৰু পৰিচালনাত এখন বাটৰ নাট মঞ্চস্থ কৰা হয়। প্রকল্পটোৰ অংগনৱাদী  কৰ্মী সকলৰ  নিখুঁত অভিনয় আৰু বিষয় বস্তুৰ  মনোমোহা উপস্থাপনেৰে  ঢকুৱাখনা নগৰৰ গান্ধী ময়দান প্ৰাঙ্গনত  মঞ্চস্থ কৰা বাটৰ নাটৰ জৰিয়তে  বাল্য বিবাহ নিষিদ্ধকৰণৰ আৰু কন্যা শিশুৰ প্ৰতি মৰ্যদা প্ৰদান কৰাৰ  বাৰ্তা প্ৰেৰণ কৰি সজাগতা সৃষ্টি কৰা হয়। ইয়াৰ পাছতে  নৰ্মাল স্কুল প্ৰাংগণত অনুষ্ঠিত কৰা হয় মনোজ্ঞ  শিশু মংগল  অনুষ্ঠান ।  প্ৰকল্পটোৰ সকলো কণ কণ শিশুৰ  কুশল,মঙ্গল আৰু সু স্বাস্থ্যৰ কামনাৰে কেক কাটি মংগল দিৱস পালন কৰা  হয় ।  পৰৱৰ্তী সময়ত প্ৰকল্পটোৰ ১৯ টা চক্ৰৰ অংগনৱাদী  কৰ্মী সকলৰ অংশ গ্ৰহনেৰে  অনুষ্ঠিত কৰা হয়  “ৰেছিপি” প্ৰতিযোগিতা। বিভিন্ন জাতি জনগোষ্ঠীৰ  থলুৱা খাদ্য সম্ভাৰেৰে  সমৃদ্ধ এই প্ৰতিযোগিতাৰ জৰিয়তে  গৰ্ভৱতী ,প্ৰসূতি , কিশোৰ কিশোৰীৰ  সু স্বাস্থ্য গঢ়াৰ  বাবে পুষ্টিকৰ  খাদ্য প্ৰস্তুতৰ  দিহা প্রদর্শন কৰা হয়। ইয়াৰ পাছত প্রকল্পটোৰ গৰ্ভৱতী প্ৰসূতি মহিলা  সকলক পৰম্পৰা মানি পঞ্চামৃত খুৱাই  সুস্থ সবল মাতৃত্বৰ শুভেচ্ছা জ্ঞাপন কৰা হয়। বিয়লিলৈ অনুষ্ঠিত কৰা হয় মুকলি  সভা । প্ৰকল্পটোৰ অংগনৱাদী কৰ্মী সকলৰ এটা শ্ৰুতিমধুৰ সমবেত সংগীতেৰে শুভাৰম্ভ হোৱা মুকলি সভা সঞ্চালনা কৰে ব্লক সমন্বয়ক সত্যজিৎ সোনোৱালে ।  জিলা সমন্নয়ক  বিষ্ণু দেৱ শৰ্মাই পোষণ মাহৰ তাৎপৰ্য আৰু সজাগতা  সন্দৰ্ভত বক্তব্য ৰাখে।  শৰ্মাই পুষ্টিহীনতা দূৰীকৰণৰ বাবে  প্ৰতিগৰাকী অংগনৱাদী কৰ্মীৰ কৰণীয়তা সন্দৰ্ভত বিস্তৃত পৰামৰ্শ আগবঢ়াই আৰু অতি পুষ্টিহীনতাত ভোগা শিশু সকলক বিশেষ  প্ৰতিপালন ।আৰু এই সন্দৰ্ভত  কৰ্মী সকলক নিখুঁত ভাবে  তথ্য দাখিল কৰাৰ আহ্বান জনায়।  সভাত নৰ্মাল স্কুলৰ অধ্যক্ষ লক্ষী কোঁৱৰ ,  সাংবাদিক অমৃত পৱন বৰা  আদিয়ে বক্তব্য আগবঢ়াই।  মুখ্য সেৱিকা ,অংগনৱাদী কৰ্মী   আদিৰ  সজাগতা মূলক গীতে মাতে  জীপাল হৈ পৰা পোষণ দিৱসৰ উপলক্ষত আয়োজিত বিভিন্ন প্ৰতিযোগিতাত শ্ৰেষ্ঠ স্থান দখল কৰা কৰ্মী সকলক  নগদ ধনেৰে পুৰস্কৃত কৰা হয়। তাৰোপৰি  প্ৰকল্পটোৰ অন্তৰ্গত মুঠ ১০ টা অংগনৱাদী কেন্দ্ৰলৈ  “নিউট্ৰেচন কিট” আৰু পাচলি বাগিচাৰ বাবে নগদ ২হাজাৰ টকাকৈ বিতৰণ কৰা হয়। 
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.