ঢকুৱাখনা মৰনৈ আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থা গঠন

0 251

ৰাজ্যখনৰ  অন্যতম ভূমিপুত্ৰ কোচ ৰাজবংশীয় জনগোষ্ঠীৰ সংগ্ৰামী সত্তা স্বৰূপ  সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ঢকুৱাখনা জিলা সমিতিৰ অন্তৰ্গত বাসুদেৱ থান মৰনৈ আঞ্চলিক সমিতিখন শুক্ৰবাৰে পুনৰ গঠন কৰা হয়।   ঢকুৱাখনা জিলা সমিতি , মহকুমা সমিতি আৰু ঢকুৱাখনা কোচ ৰাজবংশী  সন্মিলনী বিষয়ববীয়া সকলৰ উপস্থিতিত মৰনৈ ভঁৰাল ভেঁটি হৰিমন্দিৰ প্ৰাংগনত এই সন্দৰ্ভত এখন সংগঠনিক সভা অনুষ্ঠিত হয়। ঢকুৱাখনাৰ জিলা কোচ ৰাজবংশী  সন্মিলনী সভাপতি  দিনেশ কোচ , সম্পাদক নৰোত্তম কোচ, ঢকুৱাখনা জিলা কোচ ৰাজবংশী ছাত্র সন্থাৰ সভাপতি দেৱকৃষ্ণ কোচ আৰু ঢকুৱাখনা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সম্পাদক  মানস প্ৰতিম কোচ আৰু জিলা সমিতিৰ  বিষয়ববীয়া প্ৰণৱ কোচ, ৰূপম কোচ, নাৰায়ন ৰয় আদি  উপস্থিত থকা সংগঠনিক সভাত সৰ্ব দিশত উপেক্ষিত কোচ ৰাজবংশী সকলৰ সাংবিধানিক অধিকাৰ  প্ৰাপ্তিৰ ক্ষেত্ৰত ঐক্যবদ্ধ উমৈহতীয়া গণতান্ত্ৰিক সংগ্ৰামৰ বিকল্প নাই বুলি  ঐক্যমত পোষণ কৰি স্বাধীকাৰ আজুৰি অনাৰ বাবে নৃগোষ্ঠীয় সংগ্ৰামী সত্তা স্বৰূপ “আক্ৰাছো”ৰ সাংগঠনিক পৰিসৰ বৃদ্ধিত অধিক গুৰুত্ব প্ৰদানৰ আবশ্যকতা বহু কেইগৰাকী বক্তাই দোহাৰে। সভাত ঢকুৱাখনা জিলা সমিতিৰ পৰ্যবেশকৰ উপস্থিতিত প্ৰদীপ ডেকাক উপসভাপতি , টুলেশ্বৰ ডেকাক সভাপতি, টংকেশ্বৰ ডেকাক সাধাৰণ সম্পাদক ,  জানমণি ডেকাক সহকাৰী সম্পাদিকা হিচাপে  ৩১ জনীয়া বাসুদেৱ থান মৰনৈ আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ নতুন  আঞ্চলিক সমিতিখন গঠন কৰা হয়। নবগঠিত বাসুদেৱ থান মৰনৈ  আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থাই  স্বজাতিৰ প্ৰাপ্য অধিকাৰ সাব্যস্তৰ লগতে ঢকুৱাখনা জিলা কোচ ৰাজবংশী সকলৰ সৰ্বাংগীন উন্নয়ন বিকাশৰ ক্ষেত্ৰতো বিশেষ  সক্ৰিয় ভূমিকা গ্ৰহণ কৰি যাব বুলি  ৰাজহুৱা ভাবে সংকল্প গ্ৰহণ কৰে। 
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.