বোকাখাতত পোন প্ৰথমবাৰৰ বাবে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় ৰাজ্যিক টাইকোৱানডো ৰেফাৰী কৰ্মশালা।সদৌ অসম টাইকোৱানডো সন্থাৰ তত্ত্বাৱধানত তথা বোকাখাত জিলা টাইকোৱানডো সন্থাৰ উদ্যোগত যোৱা ১৭ আৰু ১৮ জানুৱাৰী তাৰিখে বোকাখাতৰ চাহ মজদুৰ সংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত উক্ত কৰ্মশালা খনত অসমৰ বিভিন্ন জিলাৰ পৰা অহা মুঠ ৫০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।লগতে উক্ত অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম টাইকোৱানডো সন্থাৰ সমম্বয়ক ভূপাল থাপাৰ লগতে আন্তঃৰাষ্ট্ৰীয় ৰেফাৰী ক্ৰমে আলি আহমেদ জাফাৰী, দীনেশ গুপ্তা,আৰু পৱন শইকীয়া। লগতে বোকাখাত জিলা টাইকোৱানডো সন্থাৰ তৰফৰ পৰা উপস্থিত থাকে সভাপতি মুহিৰাম লয়িং তথা সম্পাদক মনোজ দাস।উল্লেখযোগ্য যে পোন প্ৰথম বাৰৰ বাবে গুৱাহাটীৰ বাহিৰত অনুষ্ঠিত হোৱা এই কৰ্মশালাই অসমৰ প্ৰতিখন জিলাৰ প্ৰশিক্ষাৰ্থী সকলৰ মাজত বিশেষ উছাহ বৃদ্ধি কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাতো অংশগ্ৰহণৰ ক্ষেত্ৰত প্ৰশিক্ষাৰ্থীসকলে বিশেষভাৱে উদগনি লাভ কৰিব বুলি মন্তব্য কৰে উদ্যোক্তাসকলৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰিচালক সকলে।ইফালে ক’ভিড সৃষ্ট পৰিবেশৰ বাবে অনুষ্ঠানটোৰ ভালেসংখ্যক কাৰ্যসূচী বাতিল কৰিব লগা হোৱাৰ উপৰিও নিমন্ত্ৰিত সীমিত সংখ্যক লোকৰ উপস্থিতিৰে অনুষ্ঠিত কৰ্মশালাখনিৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে অগপৰ বোকাখাত বিধান পৰিষদৰ সভাপতি জগত চন্দ্ৰ কলিতাৰ লগতে অনুসূচীত জাতি পৰিষদৰ অগপ কেন্দ্ৰীয় সমিতিৰ সভাপতি ড° ৰামানন্দ দাস।
Trending
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন