দুদিনীয়া কাৰ্য্যসূচীৰে দিছপুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত হ’ব প্ৰতিষ্ঠা দিৱস

0 250

দিছপুৰ প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হ’বলগা অনুষ্ঠানৰ ২০২০ বৰ্ষৰ বঁটা ঘোষণা কৰিছে।ক’ভিড কেন্দ্ৰিক পৰিস্থিতি বাবে এই অনুষ্ঠান পিছুৱাই দিয়া হৈছিল। জানিব পৰা মতে অহা ২০আৰু ২১ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠান অনুষ্ঠিত কৰিব।
অহা ২০ ডিচেম্বৰত ২০২০ৰ এই বঁটা প্ৰাপ্ত বিশিষ্ট ব্যক্তি সকল ক্ৰমে অনুৰাধা শৰ্মা পূজাৰীলৈ সম্পাদক বঁটা,নিউজ এংকৰ বঁটা ইভা মহন্ত নিউজ ১৮ নৰ্থ ইষ্ট, সংবাদ বান্ধৱ বঁটা ৰাজীৱ শইকীয়া মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া অসম আৰক্ষী,সাংবাদিক সংগঠক কল্যান বঁটা মৌচম জ্যোতি বৈশ্য দ্য ছেন্টিনেল, জ্ঞান জ্যোতি বঁটা ড° অতুল বৰা সঞ্চালক কাৰিকৰী শিক্ষা বিভাগ অসম,জনহিতৈষী আৰক্ষী বঁটা অৰবিন্দ কলিতা সঞ্চালক অসম আৰক্ষী গৃহ নিৰ্মাণ পৰিষদ,জীৱম সঞ্জীৱনী বঁটা ডাঃ হিতেশ বৰুৱা বিশিষ্ট চিকিৎসক, মানৱতা বঁটা ড° দিব্যজ্যোতি শইকীয়া মানৱ অধিকাৰ তথা সমাজকৰ্মী, উদ্যোগী বঁটা উৎপল বণিয়া যুৱ উদ্যোগী অসমীয়া আ-অলংকাৰ,অভিনেত্ৰী বঁটা মুনমী ফুকন,নৱাগতা অভিনেত্ৰী বঁটা নির্মালী এছ বৰা হেঙুৰ থিয়েটাৰ,জাগ্ৰত যুৱ বঁটা জিতুল ডেকা যুৱনেতা।
আনহাতে ২১ ডিচেম্বৰত সম্বৰ্ধনা জ্ঞাপন কৰিব লগীয়া ৰাজ্যৰ বিশিষ্ট ব্যক্তি সকল হ’ল ডাঃ পুৰুজিৎ চৌধুৰী অধ্যাপক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ, দীনেশ কাকতি নাথ সাহিত্যিক,চন্দ্ৰা বিশ্বকৰ্মা শিল্পী,চন্দন শইকীয়া তথ্য আৰু জনসংযোগ বিভাগ,জিতু তালুকদাৰ সমাজসেৱক ৰাজনীতিক,শংকৰ গোহাঞি সম্পাদক দৈনিক বাৰ্তা,চন্দ্ৰকুমাৰ শইকীয়া সম্পাদক মহাবাহু বাৰ্তা,এছ লাল সিং ফটো সাংবাদিক অসমীয়া খবৰ,মুন গোস্বামী সাংবাদিক ডি ৱাই ৩৬৫,অৱনী বেজবৰুৱাৰ ভিদিঅ সাংবাদিক প্ৰতিদিন টাইমচ,কমলেশ বৰ্মন সাংবাদিক আছাম টকচ,মনোজ কুমাৰ ডেকা সাংবাদিক অসমীয়া প্ৰতিদিন,সত্যজিৎ শইকীয়া সাংবাদিক অসম আদিত্য, এছ এন মহাৰাজ সাংবাদিক পূৰ্বাঞ্চলৰ প্ৰহৰী,গুনজিৎ ভট্টাচাৰ্য নিয়মীয়া বাৰ্তা,ৰুবুল গগৈ প্ৰাগনিউজ,দিগন্ত দাস দৈনিক অসম, বিকাশ শৰ্মা নিউজ লাইভ,সংগীতা শইকীয়া এন ই ফকাচ, সাম্য ভৰদ্বাজ আমাৰ অসম,দেৱজিৎ সৰকাৰ আমাৰ প্ৰণাম,ভুৱন শইকীয়া ভাল খবৰ,আফিচ ইব্ৰাহিম নৰ্থ ইষ্ট নাও,প্ৰবোধ ভট্ট বিশিষ্ট সমাজসেৱক,পিংকু চৌধুৰী বিশিষ্ট সমাজ সেৱক, উৎপল শইকীয়া সমাজসেৱক, জয়ন্ত খাউণ্ড সমাজ সেৱক,ডাঃ কুকিল বৰুৱা সমাজ সেৱক,ফটিক দত্ত গোস্বামী অৱসৰপ্ৰাপ্ত অতিৰিক্ত আৰক্ষী সঞ্চালক,মিফতা উদ্দিন আহমেদ সমাজসেৱক,গীতাৰ্থ গোস্বামী সমাজসেৱক বঁটা প্ৰদান কৰিব বুলি বিবৃতি প্ৰেৰণ কৰিছে।

Leave A Reply

Your email address will not be published.