দুৰ্যোগ প্ৰশমনৰ আখৰা অনুষ্ঠিত

0 329

বেতকুছিত ভাৰতীয় তেল নিগম চৌহদত ২৪ ফেব্ৰুৱাৰীত উদ্যোগিক দুৰ্ঘটনা – দুৰ্যোগ প্ৰশমনৰ বিষয়ক এক বৃহৎ যৌথ আখৰা অনুষ্ঠিত হয় ৷ যৌথ আখৰাত আই অ ছি ৰ উপৰিও আজাৰা পাটগাঁওস্থিত অসম ৰাষ্ট্ৰীয় দুৰ্য্যোগ সামৰিক বাহিনীৰ এটা বৃহৎ দল ৰাজ্যিক দুৰ্য্যোগ সামৰিক বাহিনী ,ৰাজ্যিক অগ্নিনিৰ্বাপক আৰু আপদকালীন বাহিনী আৰু স্বাস্থ্য বিভাগৰ এটা দলকে ধৰি প্ৰায় ২১৫ গৰাকী লোকে ভাগ লয় ৷
আনহাতে যৌথ আখৰাত ভাগ লোৱা অসম এন ডি আৰ এফৰ বৃহৎ দলটোৱে আই অ ছি কে ধৰি তেনে ধৰণৰ উদ্যোগিক ক্ষেত্ৰ বা চৌহদত দুৰ্ঘটনা সংঘটিত হ’লে চৌহদত থকা আক্ৰান্ত লোকক কি দৰে নিৰাপদে উদ্ধাৰ কৰি সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিব লাগে , আক্ৰান্ত বা আহত লোকক প্ৰাথমিক চিকিৎসা প্ৰদান , আৱদ্ধ হৈ থকা লোকক উদ্ধাৰ কৰা আদি প্ৰদৰ্শন কৰে ৷

Leave A Reply

Your email address will not be published.