দোকান বজাৰ খোলাৰ সম্পৰ্কত মহানগৰীৰ জিলা উপায়ুক্তই সংবাদ মেলত কি ক’লে

0 218

তৃতীয় পৰ্যায়ৰ লকডাউনৰ এই সময়ছোৱাত গুৱাহাটীত মহানগৰীত দোকানৰ মাত্ৰ  এক তৃতীয়াংশ দোকানহে খুলিব পাৰিব। প্ৰত্যেক সপ্তাহত মাত্ৰ দুদিনকৈহে প্ৰতিখন দোকান খুলিব পাৰিব। উল্লেখ্যযোগ্য যে  আজি গুৱাহাটী মহানগৰীৰ সকলো ব্যৱসায়িক সংস্থাৰে জিলা উপায়ুক্তৰ এই  বিষয়ত আলোচনা কৰা হয়।
 
ইয়াৰ পিছতে গুৱাহাটী মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে এখন সংবাদমেলত  এই কথা ঘোষণা কৰে। উপায়ুক্ত বিশ্বজিৎ পেগুৱে কয় যে, গুৱাহাটী মহানগৰীত বিভিন্ন প্ৰান্তত পাইকাৰী দোকান আছে সৰ্বমুঠ ১২০০খন। এইসমূহৰ ভিতৰত দৈনিক ৪০০ খন দোকানহে খুলিব পাৰিব।
 
গুৱাহাটী মহানগৰীত থকা সৰ্বমুঠ ৬৫হেজাৰখন গেলামালৰ দোকানৰ ভিতৰত এক তৃতীয়াংশ গেলামালৰ দোকানহে খুলিব পাৰিব।গুৱাহাটী মহানগৰীত থকা ৰেষ্টুৰেন্ট, চাহৰ দোকান, আইচক্ৰীম ইত্যাদি সমূহৰ হোম ডেলিভাৰী হ’লেহে খুলিব পাৰিব। ডাঙৰ ডাঙৰ মাৰ্কেট কমপ্লেক্স সমূহত যিসমূহ সৰু দোকান বা কাৰ্যালয় আছে সেইসমূহো বন্ধ ৰাখিব লাগিব ঘোষণা কৰে। কোনো লোকে যদি সেয়া খুলিব বিচাৰে তেতিয়াহ’লে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা সেইবিষয়ক অনুমতি ল’ব লাগিব বুলি আজিৰ সংবাদমেল যোগে কয় উপায়ুক্ত গৰাকীয়ে মন্তব্য কৰে।

Leave A Reply

Your email address will not be published.