দ্বিতীয় বাৰলৈ অনুষ্ঠিত হ’ব নৰ্থ ইষ্ট ফুডটেক

0 287

নৰ্থ ইষ্ট ফুডটেকৰ দ্বিতীয় সংস্কৰণ অহা ১৩জুনৰ পৰা ১৬জুনলৈকে অনুষ্ঠিত হ’ব ।ভাৰতৰ বিভিন্ন প্ৰান্তৰ ৯০টাৰো অধিক কোম্পানীয়ে ফুডটেকত অংশগ্ৰহণ কৰিব ।চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’ব লগা এই কাৰ্য্যসূচী মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অনুষ্ঠিত হ’ব ।ফুড প্ৰচেচিং, বেকাৰী আৰু কনফেকচনাৰীৰ সঁজুলি প্ৰদৰ্শিত হ’ব ।আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন কৰা এক সংবাদ মেলত আহ্বায়ক জাকিৰ হুছেইনে কয় যে ইয়াৰ জৰিয়তে বহুতো উদ্যমী সকাহ লাভ কৰিব ।স্মতৰ্ব্য যে নৰ্থ ইষ্ট ফুডটেক দ্বিতীয় বাৰলৈ অনুষ্ঠিত হ’ব ।

Leave A Reply

Your email address will not be published.