নি:স্বাৰ্থভাৱে সেৱা আগবঢ়োৱা সত্যব্ৰতলৈ স্বীকৃতি

0 279

চহৰৰ জীৱন যাত্ৰাৰ  প্ৰধান সমস্যা সমূহৰ ভিতৰত  যান জঁটৰ সমস্যা অন্যতম ।যান জঁটৰ সমস্যাৰ বাবে জনসাধাৰণে দুৰ্ভোগ ভূগিব লগীয়া হয়। বিশেষকৈ শিলচৰ চহৰত দিনে দিনে সৃষ্টি হোৱা যান জঁটে আৰক্ষীক ঢোকে ঢোকে পানী খুৱাইছে।
 
 
শিলচৰৰ যান জঁটৰ সমস্যাক ৰোধ কৰাৰ বাবে এজন যুৱকে অহৰহ প্ৰচেষ্টা চলাই আহিছে।জানি সুখী হ’ব যে সত্যব্ৰত ভট্টাচাৰ্য নামৰ যুৱকজনে এদিন দুদিন নহয় সম্পূৰ্ণ দুবছৰ ধৰি নি:স্বাৰ্থভাৱে যান জঁট নিয়ন্ত্ৰণ কৰি আহিছে।উল্লেখযোগ্য ২০১৮ চনৰ এপ্ৰিল মাহৰ পৰা এই যুৱকজনে বিনা বেতনেৰে শিলচৰৰ ৰাংগিৰখাৰিত সন্ধিয়া ৬বজাৰ পৰা ৮বজালৈ যানজঁট নিয়ন্ত্ৰণ কৰি আহিছে।
 
সত্যব্ৰতৰ এনে কামক প্ৰশংসা কৰি শিলচৰৰ বিধায়ক দিলীপ পালে সম্বৰ্ধনা জনায় আৰু সত্যব্ৰতক আৰ্থিক সাহাৰ্য্য প্ৰতিমাহে ৩০০০হাজাৰ টকাকৈ এবছৰৰ এখন চেক দিয়ে।
 
বিধায়কগৰাকীয়ে লগতে কয় যে সত্যব্ৰতৰ দৰে আন দহ জন আগবাঢ়ি আহিলেহে  শিলচৰৰ যান জঁটৰ সমস্যাৰ হ্ৰাস পাব ।দিলীপ পালৰ এনে প্ৰচেষ্টাক সচেতন মহলে শলাগ লৈছে।
 

Leave A Reply

Your email address will not be published.