পৰ্যটন সমাৰোহত পৰ্যটন সঞ্জীৱনী আঁচনি ঘোষণা

0 284

ৰাজ্যৰ পৰ্যটন খণ্ডক পুনৰ জীৱিতকৰণৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি পৰ্যটন সঞ্জীৱনী নামৰ এখন আঁচনি কথা ঘোষণা কৰে।এই আঁচনি জৰিয়তে পৰ্যটন খণ্ড সৈতে জড়িত থকা অংশীদাৰ সকলক বিভিন্ন বেংকৰ জৰিয়তে ১ লাখৰ পৰা ২০ লাখ টকা ঋণ প্ৰদান কৰা হ’ব।এই ঋণৰ বাবদ এবছৰ মৰেটোৰিয়াম থাকিব।
আনহাতে পৰ্যটন সাৰথি নামৰ আন এক কাৰ্যসূচীও মুখ্যমন্ত্ৰীয়ে আজি শুভাৰম্ভ কৰে। ইণ্টাৰনেটত মাধ্যমেৰে পৰ্যটন বিভাগৰ সৈতে যোগাযোগ কৰিব পৰা ইলেকট্ৰনিক গেজেটৰ দ্বাৰা ইয়াৰ অংশীদাৰীসকলক উপকৃত কৰিব পৰাকৈ এই কাৰ্যসূচী প্ৰস্তুত কৰা হৈছে। অসম চৰকাৰে পৰ্যটন বিভাগৰ উদ্যোগত আৰু অসম পৰ্যটন উন্নয়ন নিগমৰ সহযোগত আজি অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত টুৰিজিম কনক্লেভ-২০২০ত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে পৰ্যটন সঞ্জীৱনী নামৰ আঁচনি খনৰ কথা ঘোষণা কৰে।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিশ্বৰ বিভিন্ন দেশৰ অৰ্থনৈতিক বুনিয়াদ নিৰ্মাণত পৰ্যটন উদ্যোগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আমাৰ ৰাজ্যখনতো পৰ্যটনক এক উদ্যোগ হিচাপে গঢ়ি তোলাৰ যথেষ্ট সম্ভাৱনীয়তা আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ বাবে এক্ট ইষ্ট পলিচি ঘোষণা কৰাৰ পিছত অন্যান্য খণ্ডৰ লগত পৰ্যটন খণ্ডক বিকশাই তোলা বাবে সুযোগ আৰু সম্ভাৱনাদুৱাৰ মুকলি হৈছে।তেনে দৃষ্টিভংগীৰে এই খণ্ডৰ লগত জড়িত থকা সকলোৱে নিজৰ চিন্তাধাৰাৰে গতিশীল পদক্ষেপ গ্ৰহণৰ বাবে আগবাঢ়ি আহিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে কয়।
ক’ভিড-১৯ৰ বাবে সমগ্ৰ বিশ্ববাসীয়ে ভয়াবহ পৰিস্হিতি মাজতে অতিক্ৰম কৰিব লগীয়া হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ বিৰুদ্ধে বলিষ্ঠ প্ৰত্যুত্তৰ দিয়াৰ বাবে জ্ঞান গভীৰতা, বুদ্ধিমত্তা আৰু অভিজ্ঞতাৰে কৰ্ম পথাৰত মনোনিবেশ কৰিব লাগিব । সংকটপূৰ্ণ পৰিস্থিতি মাজেৰে নিজকে বিকশাই তোলা বাবে পৰ্যটন খণ্ড লগত জড়িত সকলোৱে কৰ্ম উদ্যমিতাৰে আগুৱাই আহিব লাগিব। এই খণ্ডৰ লগত জড়িত বহু সংখ্যক লোক কৰ্মহীন হৈ পৰিছে। এই অনিশ্চয়তাৰ দূৰ কৰাৰ দায়িত্ব আমি সকলোৱে ল’ব লাগিব।ইয়াৰ বাবে আমাৰ ব্যক্তিত্বত থকা শক্তিও প্ৰয়োগ কৰিব লাগিব। আজি এই সংকটৰ সময়তো পৰ্যটন উদ্যোগটোক সকলোৱে আগুৱাই নিয়া বাবে সকলোৱে মিলিত প্ৰচেষ্টা চলাব লাগিব।ইয়াৰ বাবে ৰোড মেপ প্ৰস্তুত কৰা দায়িত্ব চৰকাৰ লগতে পৰ্যটন খণ্ডৰ লগত জড়িত অংশীদাৰী সকলে মিলিত ভাবে ল’ব লাগিব। অন্যান্য ৰাজ্য সমূহে সংকটৰ সময়ছোৱাত কিধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে সেই কথা তুলনামূলক ভাৱে অধ্যয়নৰ প্ৰয়োজনীয়তাও আহি পৰিছে।
ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে সমগ্ৰ বছৰৰ পৰ্যটন খণ্ডটোক সজীৱ কৰি ৰখা,বাঁহ ভিত্তিত পৰ্যটন বিকশাই তোলা,গৱেষক সকলক আকৰ্ষিত কৰিব পৰাকৈ পৰ্যটনক বিকশাই তোলা,গুৰুজনাৰ অমৰ সৃষ্টিৰাজি মাজত থকা সম্ভাৱনীয়তাৰ প্ৰতি আকৰ্ষিত কৰাৰ লেখীয়া দিশসমূহ পৰ্যটন খণ্ডৰ মাজত সামৰি ল’ব লাগিব বুলিও কয়।
পৰ্যটন বিভাগৰ সচিব ৰাজভী হুছেইনে আদৰণি ভাষণ দিয়া আজি অনুষ্ঠানত পৰ্যটন মন্ত্ৰী চন্দ্ৰন ব্ৰক্ষ্ম,অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱা,অসম পৰ্যটন উন্নয়ন নিগময় উপাধ্যক্ষ নবদ্বীপ কলিতা আৰু পৰ্যটন বিভাগৰ আয়ুক্ত সচিব ড° এম অংগমুথুৱে ভাষণ প্ৰদান কৰে।
আনহাতে এই খণ্ডৰ লগত জড়িত থকা কেইবাটাও বেচৰকাৰী সংস্থাৰ প্ৰতিনিধিয়ে বৰ্তমান সময়ত তেওঁকে সন্মুখীন হোৱা বিভিন্ন সমস্যা আলোকপাত কৰি বক্তব্য প্ৰদান কৰে।
মুখ্যমন্ত্ৰীয়ে এই কনক্লেভৰ লগত সংগতি ৰাখি অউছম আছাম শীর্ষক বিভিন্ন প্ৰতিযোগিতা স্থান লাভ কৰা প্ৰতিযোগী সকলকো পুৰস্কাৰ প্ৰদান কৰে ।মুখ্যমন্ত্ৰীয়ে দৃশ্য-শ্ৰাৱ্য আৰু বিৱৰণী এখনো উন্মোচন কৰে।অনুষ্ঠানত বন,প্ৰন্ততত্ব ইত্যাদি বিভিন্ন চৰকাৰী বিভাগৰ লগত পৰ্যটনৰ লগত জড়িত অংশীদাৰী সকলে অংশগ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.