বাঁহৰ চুঙাৰ পেকেজেৰে অৰ্গেনিক চাহ প্ৰস্তুত কৰি বিশ্বমুখী যাত্ৰা                                                 

0 276

চাহৰ দেশ অসম। অসমৰ চাহে দেশে বিদেশে সমাদৰ লাভ কৰিছে। জৈৱিক চাহৰ বহু গুণাগুণ আছে। নতুন অনুভৱেৰে ৰাজকীয় আমেজেৰে চাহ সেৱন কৰা প্ৰতি নৱপ্ৰজন্মৰ আগ্ৰহ বৃদ্ধি পাইছে। আনহাতে বাঁহৰ চুঙাৰ পেকেজত অৰ্গেনিক চাহৰ সম্ভাৰ লৈ যোৰহাট জিলাৰ চেলেংহাটৰ বিশিষ্ট ক্ষুদ্ৰ চাহ খেতিয়ক অচ্যুত প্ৰসাদ গগৈয়ে আৰম্ভ কৰিছে বিশ্ব মুখী যাত্ৰা। উল্লেখ্য যে, অচ্যুত প্ৰসাদ গগৈয়ে সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে ৰেড টি, গ্ৰীণ টি, অলং টি, হেণ্ড মেড অৰ্থডক্স টি, হোৱাইট টি উৎপাদন কৰি বিদেশলৈ ৰপ্তানি কৰি আহিছে।
অচ্যুত প্ৰসাদ গগৈৰ জৈৱিক গ্ৰীণ টিয়ে বিদেশত বিশেষ সমাদৰ লাভ কৰিছে। জৈৱিক ক্ষুদ্ৰ চাহ খেতিয়ক অচ্যুত প্ৰসাদ গগৈয়ে কয় যে-২০১৩ চনৰ পৰা জৈৱিক পদ্ধতিৰে মই চাহ উৎপাদন কৰি আহিছো। মই গ্ৰীণ টি, মচলা টি, প্ৰিমিয়াম কোৱালিটি অৰ্থডক্স টি, হেণ্ড মেড অৰ্থডক্স টি,হোৱাইট টি তৈয়াৰ কৰি আহিছো। ইফালে শেহতীয়াভাবে অচ্যুত প্ৰসাদ গগৈয়ে সংযোজন কৰিছে বাঁহৰ চুঙাত পেকেটিং কৰা বিভিন্ন প্ৰকাৰৰ জৈৱিক চাহ।ইতিমধ্যে ব্ৰাজিল ,কানাডা,থাইলেণ্ড আৰু ডুবাইত যথেষ্ট জনপ্ৰিয় হৈছে বাহৰ চুঙাৰ চাহ।এই বিধ চাহৰ এক সুকীয়া সোৱাদ থকা লগতে নতুন আমেজ লাভ কৰিব চাহ ৰসিক সকলে।লগতে তেওঁ কয় যে নৱ প্ৰজন্মই সুস্বাস্থ্য,প্ৰফুল্লিত আৰু উদ্যমী মনৰ বাবে অভিনৱ ধৰণেৰে ৰাজকীয় আমেজেৰে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কে উৎপাদন কৰা জৈৱিক চাহ সেৱন কৰি সুস্থ সবল আৰু সতেজ মনৰ গৰাকী হওক বুলি নৱ প্ৰজন্মলৈ আহ্বান জনায়।
ইয়াৰ উপৰিও অচ্যুত প্ৰসাদ গগৈয়ে তেওঁৰ দ্বাৰা উৎপাদিত ৬ বিধ চাহ অসমীয়া সমাজৰ পৰম্পৰাগত পিঠা পনাৰ লগত খাবলৈ ৰাইজৰ প্ৰতি আহ্বান জনোৱা লগতে কোন বিধ চাহ কোনটো পিঠাৰ লগত সেৱন কৰিব তাৰো এক পৰামৰ্শ আগবঢ়াইছে। অচ্যুত প্ৰসাদ গগৈৰ গৃহৰ পৰা দেশী বিদেশী পৰ্যটকে বাঁহৰ চুঙাৰ জৈৱিক চাহ ক্ৰয় কৰাৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অনলাইন যোগে তেওঁৰ চাহ কেইবাটাও বিদেশী ব্যৱসায়ী প্ৰতিষ্ঠানে ক্ৰয় কৰিবলৈ যোগাযোগ কৰা বুলি জানিবলৈ দিয়ে। আনহাতে পুঞ্জয় অৰ্গেনিক টি নামৰ বেণ্ডত অচ্যুত প্ৰসাদ গগৈৰ উৎপাদিত চাহ বজাৰত উপলব্ধ হৈ আছে। খবৰ যুগুতালে মৰিয়নীৰ পৰা জ্যোতি প্ৰসাদ গগৈয়ে…

Leave A Reply

Your email address will not be published.