বাংলাদেশ মুক্তি সংগ্ৰামৰ ৫০ বছৰীয়া বর্ষ পূৰ্তিত গুৱাহাটীত বি এছ এফৰ সাংস্কৃতিক অনুষ্ঠান

0 223

১৯৭১ চনৰ বাংলাদেশৰ মুক্তি সংগ্ৰাম আৰু ভাৰত-পাকিস্তান যুদ্ধ বিজয়ৰ ৫০ বছৰ পূৰ্ণ হোৱা উপলক্ষে সীমান্ত নিৰাপত্তা বাহিনীয়ে (বি.এছ.এফ) ২০ ডিচেম্বৰত সন্ধিয়া গুৱাহাটীৰ মাছখোৱাস্থিত লাচিত ঘাটত এক বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান আৰু প্ৰদৰ্শনীৰ আয়োজন কৰে। অনুষ্ঠানটো মুকলি কৰে বি.এছ.এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ মহা পৰিদৰ্শক সঞ্জয় সিং গেহলটে। অনুষ্ঠানত উপ মহা পৰিদৰ্শক জে.কে.ৰুদোলাকে ধৰি বি.এছ.এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ কেবাজনো বিষয়া-বহুসংখ্যক জোৱান, তেওঁলোকৰ পৰিয়ালৰ লোক আৰু ভালেসংখ্যক ৰাইজ উপস্থিত থাকে‌। আনহাতে অনুষ্ঠানত বাহিনীটোৰ কেবাজনো বিষয়া আৰু জোৱানে দেশপ্ৰেম মূলক সংগীত পৰিবেশন কৰে। তেনেদৰে বাহিনীটোৰ জাজবেণ্ড হিচাপে পৰিচিত দলটোৱে যন্ত্ৰসংগীতৰ মাধ্যমৰে সুৰৰ মূৰ্ছনাৰে সকলোকে আপ্লুত কৰে। তেনেদৰে তিনিখন বিশেষ বাহনত অনুষ্ঠিত প্ৰদৰ্শনীত বাংলাদেশৰ মুক্তি যুদ্ধৰ সময়ত দেশখনৰ মুক্তি বাহিনীক ভাৰতীয় সেনা আৰু বি.এছ.এফে কিদৰে স্বাধীনতা সংগ্ৰামত সহায় কৰিছিল তাক সুন্দৰকৈ প্ৰদৰ্শন কৰা হয়।

Leave A Reply

Your email address will not be published.