বাটৰ বিহু প্ৰদৰ্শন হ`ল পুৰণিগুডামত

0 258

ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ পহিলা বহাগৰ দিনটোতে পুৰণিগুদাম প্ৰেছ ক্লাৱৰ উদ্যোগত হালোৱাগাঁও আঞ্চলিক যুৱ মঞ্চ আৰু লেচেৰী সাংস্কৃতিক গোষ্ঠীৰ সহযোগত এটি বিহুৱা দলে নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত খ্যাতনামা ঢোলবাদক ৰাজু শইকীয়াৰ পৰিচালনাৰে বিহু নৃত্য প্ৰৰ্দশন কৰি ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, “পুতলা পিষ্টলৰ সলনি এখন গ্ৰন্থ উপহাৰ দিয়ক” বাণীৰে পুৰণিগুদাম প্ৰেছ ক্লাৱে পূজাৰ বতৰত প্ৰতি বছৰে পুৰণিগুদামত আয়োজন কৰি অহা শাৰদীয় শিশু গ্ৰন্থ মেলাৰ এইবেলি ৰূপালী জয়ন্তী বৰ্ষৰ বছৰযোৰা কাৰ্য্যসূচীৰ অংশ হিচাপে এই বাটৰ বিহু প্ৰদৰ্শন কৰা হয়।
অসমীয়া নৱ বৰ্ষৰ প্ৰথম দিনটোতেই পুৰণিগুদাম বাপুজী ভৱন আৰু পুথিভড়াল খেল পথাৰত অনুষ্ঠিত হোৱা বাটৰ বিহু অনুষ্ঠানটোত পুৰণিগুদাম প্ৰেছ ক্লাৱৰ বিষয় ববীয়া সকলে জ্যেষ্ঠ সাংবাদিক কুলপ্ৰদীপ দাসে আঁত ধৰা অনুষ্ঠানত শাৰদীয় শিশু গ্ৰন্থ মেলা ৰূপালী জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ সভাপতি মনিমাধৱ মহন্তৰ উপস্থিতিত শিক্ষাবিদ ধৰণী খাউন্দ, সাহিত্যিক পেঞ্চনাৰ ফণীন্দ্ৰ নাথ গায়ন, সমাজকৰ্মী পুলিন হাজৰিকা, ডাক্তৰ ধীৰেন বৰকাকতি, শিক্ষাবিদ হেম ডেকা, কৃষ্ণ গোস্বামী, মিছলেউদ্দিন আহমেদ, মুকুট ভূঞা, প্ৰফুল্ল শইকীয়া, দুলেন গায়নকে প্ৰমুখ্যে পুৰণিগুদামৰ বহু কেইগৰাকী জ্যেষ্ঠ নাগৰিকক চেলেং আৰু গামোছাৰে আদৰণী জনাই অসমীয়াৰ পৰম্পৰা অনুসৰি চৰণ চুই আৰ্শীবাদ গ্ৰহণ কৰে৷
বাটৰ বিহু কাৰ্যসূচীতেই পুৰণিগুদাম প্ৰেছ ক্লাৱৰ তৰফৰ পৰা খ্যাতনামা ঢোলবাদক ৰাজু শইকীয়া, শিল্পী বনশ্ৰী শৰ্মা কলিতা, ৰাষ্ট্ৰীয় সংস্কৃত গীতি কবি প্ৰাপক ৰঞ্জন বেজবৰুৱা আৰু শিল্পী নয়ন জ্যোতি শইকীয়া, কালিবাদক কলিৰাম বৰাক বিশেষভাবে পুৰণিগুদাম প্ৰেছ ক্লাৱে সম্বৰ্ধনা জনায়। পুৰণিগুদাম বাপুজী ভৱন আৰু পুথিভঁৰালত চামগুৰি, বঢ়মপুৰ আৰু নগাঁৱৰ কেইবাগৰাকীও জ্যেষ্ঠ সাংবাদিকৰ উপস্থিতিত ঢুলীয়া ৰাজু শইকীয়া আৰু বনশ্ৰী শৰ্মা কলিতাৰ পৰিচালনাৰে অনুষ্ঠিত হোৱা বাটৰ বিহু অনুষ্ঠানত অংগাভিনয় অসম ছাত্ৰ-ছাত্ৰী সকলেও এক বিশেষ অনুষ্ঠান পৰিৱেশন কৰে। উল্লেখ্য যে, এই অনুষ্ঠানৰ পূৰ্বে পুৱা ৮ বজাত পুৰণিগুদাম হালোৱাগাঁৱত আনুষ্ঠানিক ভাৱে বাটৰ বিহুৰ শুভাৰম্ভ কৰা হয়।
পুৰণিগুদাম প্ৰেছ ক্লাৱৰ উপদেষ্টা নীলৰঞ্জন শৰ্মাই আঁত ধৰা শুভ উদ্বোধনী অনুষ্ঠানটোত বিশিষ্ট নাট্যকাৰ, পৰিচালক দীপক বৰা উপস্থিত থাকি বাটৰ বিহুৰ শুভাৰম্ভ কৰে৷ ইয়াৰ লগতে উদ্ধোধনী অনুষ্ঠানত জেষ্ঠ সাংবাদিক সুনীল বৰা, সমাজকৰ্মী প্ৰভাত দাস, হালোৱাগাওঁ আঞ্চলিক যুৱ মঞ্চৰ সভাপতি-সম্পাদক ক্ৰমে মনমোহন বৰকটকী, জীতেন্দ্ৰ শইকীয়া, লেছেৰী সাংস্কৃতিক গোষ্ঠীৰ সম্পাদক ৰাজীৱ শইকীয়াসহ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।পৰৱৰ্তী সময়ত ক্ৰমে চলচলি বিৰহীগাঁও, চলচলি মুছলমানগাঁও তিনিআলি, চলচলি বামুনগাঁও চাৰিআলি, বৰাচুক, হাতীগাওঁ, উৰিয়াগাওঁ, ভোটাইগাওঁ, বঢ়মপুৰ, জলাহগাৱঁত দলটোৱে বাটৰ বিহু প্ৰদৰ্শন কৰাৰ লগতে দিনজোৰা কাৰ্যসূচী সমূহত দৰ্শক তথা স্থানীয় ৰাইজৰ বিপুল সঁহাৰি পৰিলক্ষিত হয়।

Leave A Reply

Your email address will not be published.