বালি আৰু চাউলত প্ৰতিকৃতি আঁকি শ্ৰদ্ধা জনালে দুই শিল্পীয়ে

0 238

সমগ্ৰ ৰাজ্যতে এতিয়া দুখৰ বন্যা বৈছে।কিয়নো এগৰাকী দক্ষ ৰাজনীতিবিদে ইতিমধ্যে বিদায় মাগিছে।সম্প্ৰতি তেখেতৰ নশ্বৰ দেহ কলাক্ষেত্ৰৰ প্ৰাংগনত ৰখা হৈছে।জানিব পৰা মতে কাইলৈ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ’ব।প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক শ্ৰদ্ধা জনায় এগৰাকী শিল্পীয়ে বালিত আৰু এটা চাউলত তৰুণ গগৈ প্ৰতিচ্ছবি অংকন কৰি শ্ৰদ্ধা জনাইছে।সেই শিল্পী গৰাকীৰ নাম মনজিৎ কাশ্যপ।
 
আনহাতে আন এগৰাকী শিল্পী ৰঞ্জন শইকীয়াই কেইগৰাকীমান সহযোগী সহযোগত বালিত  প্ৰতিকৃতি অংকন কৰিছে।ঢেকিয়ালজুলিৰ গাভৰু নৈ বালি চৰত বলুকা ভাস্কৰ্যৰ শিল্পী গৰাকী ৰঞ্জন শইকীয়াই প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক এনেদৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।এই ক্ষেত্ৰত তেখেতক সহযোগিতা আগবঢ়াইছে কুশল দাস,পৰেশ নাথ,ৰঞ্জন দাহাল,যীচু হাজৰিকাৰ,ঘনশ্যাম নেপাল,যুগল নাথ আৰু লেখনাথ শৰ্মাই।

Leave A Reply

Your email address will not be published.