বিশ্বনাথ জিলাৰ অন্তৰ্গত ইটাখোলা ৰ নিকটৱৰ্তী তেজালপটি চাহ বাগিছাত সদৌ অসম চাওৰা সমাজৰ ৪২তম প্ৰতিষ্ঠা দিৱস উদযাপন

0 212

আজি দিনযোৰা কাৰ্যসূচী বিশ্বনাথ জিলাৰ অন্তৰ্গত ইটাখোলা ৰ নিকটৱৰ্তী তেজালপটি চাহ বাগিছাত সদৌ অসম চাওৰা সমাজৰ ৪২তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। পুৱা চাওৰা সমাজৰ পতাকা উত্তোলন কৰাৰ পাছত ছহীদ তপণ কাৰ্যসূচী সমৰ্পন হ্য় ,চাওলা সমাজৰ জনজাতীয় গীত পৰিৱেশনৰ পাছত সদৌ অসম চাওৰা সমাজৰ কেন্দ্ৰীয় বিষয়ববীয়া কাতি ৰাম চাওৰাৰ সভাপতিত্বত মুকলি সভাৰ আয়োজন কৰা হয়। সভাত মুখ্য অতিথি হিচাপে উপস্থিত আছিল চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষ্মীকান্ত বৰা ,তেজালপটি চাহ বাগিছাৰ পৰিচালকৰ উপৰিও চাওলা সমাজৰ কেন্দ্ৰীয় বিষয়ববীয়া সকল। এই মুকলি সভাত চাওৰা সমাজৰ কেন্দ্ৰীয় বিষয়ববীয়াই অতিকৈ পিছপৰা এই জনজাতিৰ ভূগি অহা বিভিন্ন ধৰণৰ অসুবিধাৰ বিষয়ে আলোচনা কৰা হয়! বিশেষভাৱে এছ টি,এছ চি জনজাতিকৰণ বিষয়ে দীঘলীয়া সময় ধৰি কেন্দ্ৰীয় চৰকাৰে জনজাতিটোক টোপ দি প্ৰতাৰণা কৰাৰ অভিযোগ আনে। ইয়াৰোপৰি শিক্ষা দিক্ষাকে ধৰি বিভিন্ন দিশত পিছপৰা এই জনজাতিৰ উত্তৰণৰ বাবে চাওৰা সমাজে যোৱা প্ৰায় চাৰি দশকৰ পৰাই প্ৰচেষ্টা চলাই থাকি অহা বুলি উল্লেখ কৰে। প্ৰতিষ্ঠা দিৱস উপলক্ষে কণ কণ ল’ৰা ছোৱালীৰ মাজত খেল ধেমালিৰ লগতে গীত নৃত্য প্ৰদৰ্শন কৰা হয় আৰু আজি ৰাতিৰ ৯বজাৰ পিছত ঝুমুৰৰ লগতে বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হ`ব।
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই..

Leave A Reply

Your email address will not be published.