বিশ্ব নাৰিকল দিৱস উদযাপন

0 256

মহানগৰীৰ আজাৰাৰ কাঁহিকুচিস্থিত উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ উদ্যোগত আৰু জ্ঞান বিজ্ঞান সমিতি, কামৰূপ জিলাৰ সহযোগত পলাশবাৰীৰ উপৰহালী গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানত দিনযোৰা কাৰ্যসূচীৰে আজি “বিশ্ব নাৰিকল দিৱস” উদযাপন কৰা হয়। এই উপলক্ষে দুপৰীয়া ১২ বজাত অনুষ্ঠিত হোৱা সভাত প্ৰতিনিধিসকলৰ নাম পঞ্জিয়ণ, চিনাকি পৰ্ব, সম্বৰ্ধনাৰ পিছতেই উক্ত দিৱসৰ তৎপৰ্য ব্যাখ্যা আগবঢ়ায় জ্ঞান বিজ্ঞান সমিতিৰ কামৰূপ জিলাৰ সভাপতি মুনীন্দ্ৰ দাসে।
 
 
দাসে ভাষণ প্ৰসঙ্গত নাৰিকলৰ পৰা বিভিন্ন ধৰণৰ সু-স্বাদ খাদ্য প্ৰস্তুত কৰাৰ উপৰিও ডাব নাৰিকলৰ পানীয়ে মানুহক যথেষ্ট উপকাৰ সাধন কৰে। লগতে নাৰিকল পাতৰ পৰা ঝাৰু, শুকান নাৰিকলৰ প্ৰস্তুত কৰাৰ লগতে বিভিন্ন ধৰণৰ উপকাৰ সাধন হয় বুলি ভাষণ প্ৰসঙ্গত দাসে উল্লেখ কৰে। ৩২ গৰাকী কৃষক উপস্থিত থকা সভাত উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী ড০ যোগেশ চন্দ্ৰ নাথে নাৰিকল গছৰ উৎপাদন বঢ়াই কৃষক ৰাইজ কিদৰে লাভাম্বিত হ’ব পাৰে সেই বিষয়ে বিশদ ভাৱে আলোকপাত কৰে।
 
 
সভাত উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ বিজ্ঞানী ৰিংকুমণি ফুকনে নাৰিকলৰ মাতৃগছ নিৰ্বাচনৰ লগতে সাৰ প্ৰয়োগ আৰু বিভিন্ন নাৰিকলৰ উন্নত কৃষি পদ্ধতিৰ বিষয়ে বিতংকৈ ব্যাখ্যা আগবঢ়ায়। সভাত আন এজন গৱেষণা কেন্দ্ৰৰ বিশেষজ্ঞ ড০ সমিৰণ পাঠক উপস্থিত থাকি নাৰিকল গছৰ বিভিন্ন বেমাৰ, পোক-পতঙ্গ নিয়ন্ত্ৰণ ক্ষেত্ৰত বিতংভাৱে ব্যাখ্যা আগবঢ়ায়। অনুষ্ঠানত গ্ৰামীণ স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰশিক্ষক প্ৰণৱ জ্যোতি শৰ্মাইয়ো উপস্থিত উক্ত বিষয় সন্দৰ্ভত ভাষণ প্ৰদান কৰে। উক্ত দিৱসৰ লগত সংগতি ৰাখি সভাৰ পূৰ্বে গুৱাহাটী মহকুমা বজাৰ সমিতিৰ চৌহদত এক চাফাই অভিযান চলোৱাৰ লগতে এটি উন্নত মানৰ নাৰিকল পুলি ৰোপন কৰা হয়।
খবৰ যুগুতালে জিতুমণি দাসে..
 

Leave A Reply

Your email address will not be published.