কা বিৰোধী আন্দোলনৰ পাছতে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে এক সংবাদমেল অনুষ্ঠিত কৰে।সংবাদমেলত তেওঁ কয় যে অসমত এচাম লোকে বিভ্রান্তিমূলক কামেৰে অৰাজকতাৰ সৃষ্টি কৰিছে। ভাৰতীয় জনতা পার্টিৰ চৰকাৰ থকালৈকে অসমত এজনো বিদেশীয়ে স্থান নাপায়।আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ’ল যে নাগৰিকত্ব সংশোধনৰ বাবে সকলোৱে আবেদন কৰিব পাৰিব।সত্ৰ মাটি বেদখল,কাজিৰঙা উচ্ছেদ আৰু ভাষা সংৰক্ষণৰ ক্ষেত্রত বিজেপি চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।লগতে তেওঁ অহিংসা আৰু সম্পূর্ণ গণতান্ত্রিক প্ৰক্ৰিয়াৰে কা’ৰ বিৰুদ্ধে আন্দোলন চলাই যাবলৈ অনুৰোধ জনায়।বিজেপি চৰকাৰ থকালৈকে অসমীয়াৰ শংকা নাই বুলিও ব্যক্ত কৰে ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে।এই সংবাদমেলত সাংসদ দিলীপ শইকীয়া আৰু পুলক গোঁহাই উপস্থিত থাকে।
Trending
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন