ভাল খবৰ-অপহৃত অ’এনজিচিৰ দুই কৰ্মচাৰীক উদ্ধাৰ

0 207

অলপতে অপহৰণ হোৱা অ’এনজিচিৰ দুগৰাকী কৰ্মচাৰীক নিৰাপত্তা বাহিনীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।জানিব পৰা মতে আছাম ৰাইফলছ আৰু আৰক্ষীৰ এক যৌথ অভিযানত শুকুৰবাৰে শেষ নিশা নাগালেণ্ডৰ মন জিলাৰ পৰা অ’এনজিচিৰ কৰ্মচাৰী দুগৰাকীক উদ্ধাৰ কৰা হয়।
উল্লেখযোগ্য যে ২১ এপ্ৰিলত সন্দেহযুক্ত কোনো উগ্ৰপন্থীয়ে অসম –নাগালেণ্ড সীমান্তত থকা শিৱসাগৰৰ লাকুৱা তৈলক্ষেত্ৰৰ পৰা অ’এনজিচিৰ তিনিগৰাকী কৰ্মচাৰীক অপহৰণ কৰিছিল।
সেই কৰ্মচাৰী তিনিগৰাকীৰ ভিতৰত আছে মোহিনী মোহন গগৈ (৩৫) আৰু ৰিতুল শইকীয়া (৩৩) দুয়োগৰাকী জুনিয়ৰ টেকনিচিয়ান আৰু আনগৰাকী এগৰাকী কণিষ্ঠ অভিযন্তা অলকেশ শইকীয়া।উদ্ধাৰ হোৱা অপহৃত কৰ্মচাৰী দুগৰাকী হৈছে অলকেশ শইকীয়া আৰু মোহিনী মোহন গগৈ।অভিযানকাৰী দলটোৱে এটা এ কে-৪৭ ৰাইফলো উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে।আনহাতে ৰিতুল শইকীয়াৰ এতিয়ালৈ কোনো সন্ধান পোৱা নাই।

Leave A Reply

Your email address will not be published.